৩০ অক্টোবৰ! বিভীষিকাৰ সেই দিনটোৰ কথা মনত পৰিলে আজিও বুকুখন মুছৰি যায় দীপক কলিতাৰ

News18 Assam | News18-Assam
Updated:October 30, 2020, 4:20 PM IST
৩০ অক্টোবৰ! বিভীষিকাৰ সেই দিনটোৰ কথা মনত পৰিলে আজিও বুকুখন মুছৰি যায় দীপক কলিতাৰ
দীপক কলিতা, এজন হোকাৰ৷ কাকত বিক্ৰীৰ পিছত গণেশগুৰিত সৰু এখন দোকান চলাই পেট পোহপাল দিয়ে৷

দীপক কলিতা, এজন হোকাৰ৷ কাকত বিক্ৰীৰ পিছত গণেশগুৰিত সৰু এখন দোকান চলাই পেট পোহপাল দিয়ে৷

  • Share this:
"সেই দিন যৱনিকাৰ দিন হওক৷ এনে দিন নাহক আৰু৷ তাই মোক পাচলি লৈ যাবলৈ দিছিল৷ মই পাহৰিলো৷ পাহৰাটোও কেতিয়াবা চাগৈ ভাল৷ ভালৰ বাবে থাকিলো নে আন কিবা ভগৱানৰ খেল নাজানো, আজিলৈ আছো৷"—প্ৰায় চকুত এক বিস্ময় লৈ কৈ গ'ল মানুহজনে৷

মানুহজনক প্ৰায়েই প্ৰত্যক্ষ কৰিছে হয়তো গণেশগুৰিত৷ এজন সহজ–সৰল মানুহ৷ হোকাৰ দীপক কলিতা৷ ৩০ অক্টোবৰ ২০০৮৷ ঠিকেই, বিভীষিকাৰ সেই দিনটো৷ দীপক কলিতাৰ পত্নী জুৰী কলিতাৰ তাগিদা আছিল কিছু শাক৷ দীপক কলিতায়ো মনতে ভাবি লৈছিল অলপ শাক ঘৰলৈ নিব, যিহেতু হোম মিনিষ্টাৰৰ তাগিদা৷ পিছে সেয়া নহ'ল, ফুটি উঠিল বোমা৷ তচনচ হ'ল গণেশগুৰি৷ চশমা দোকানী মণ্টু হেনো আহিছিল কঁপি কঁপি৷

"খহি পৰিছিল বহু কেইটা বিল্ডিঙৰ আইনা৷ বুজাব নোৱাৰো ৰাজু৷ পাঁচ মিনিট ৰৈ দিলে ময়ো চেটেপ হ'লোহেঁতেন৷ তাই বিচৰা বস্তু সদায়ে লওঁ৷ সেইদিনা হয়তো ভগৱানে মোক পাহৰালে৷ কিন্তু মানুহৰ হাতবোৰ ডাঙোতে, মঙহ খহি যাওঁতে মই ৰ'ব পৰা নাছিলো কান্দোনত৷"—ক’লে দীপক কলিতাই।

দীপক কলিতা, এজন হোকাৰ৷ কাকত বিক্ৰীৰ পিছত গণেশগুৰিত সৰু এখন দোকান চলাই পেট পোহপাল দিয়ে৷ পৰিয়ালটোৱে হাহাকাৰ কৰে সেই দিনটো৷ ক'ৰবাত দীপক কলিতাই, ক'ৰবাত পত্নীয়ে৷ কেইটামান মুহূৰ্ত যদি শাক আনিবলৈ মনত পৰিলহেঁতেন দীপক কলিতাৰ?
Published by: Sanjay Kumar Das
First published: October 30, 2020, 4:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading