দুধনৈ আৰক্ষীৰ ভয়ত থৰকাছুটি হেৰাইছে বাইক চুৰি চক্ৰৰ, ৬টা চোৰসহ ১২খন চুৰি বাইক উদ্ধাৰ

News18 Assam | News18-Assam
Updated:June 8, 2021, 9:41 AM IST
দুধনৈ আৰক্ষীৰ ভয়ত থৰকাছুটি হেৰাইছে বাইক চুৰি চক্ৰৰ, ৬টা চোৰসহ ১২খন চুৰি বাইক উদ্ধাৰ
দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত দুধনৈ আৰক্ষীয়ে পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়।

দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত দুধনৈ আৰক্ষীয়ে পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়।

  • Share this:
আৰক্ষী থানাৰ চৌহদ নহয় যেন বাইকৰ শ্ব’ৰুমহে! দুধনৈ আৰক্ষী থানাত এতিয়া উদ্ধাৰ হোৱা চুৰি বাইকৰ উঠিছে উজান৷ জিলাখনৰ য’ত ত’ত উদ্ধাৰ হৈছে চুৰি বাইক৷ আৰক্ষীৰ ভয়ত ৰাস্তাই–ঘাটে এৰি থৈ গৈছে বাইকসমূহ৷ যোৱা ৫ জুনৰ নিশা অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড ৰংজুলিৰ কাণকাটা অঞ্চলৰ দুৰ্ধৰ্ষ বাইক চোৰ আব্দুল বাৰিক নামৰ এজনক বাইক চোৰ কৰা বিভিন্ন সামগ্ৰীৰ লগতে লেপটপ, প্ৰিণ্টাৰ, ভুৱা পঞ্জীয়ন নম্বৰ প্লেটসহ দুধনৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ আৰু পাঁচজন বাইক চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় দুধনৈ আৰক্ষীয়ে।

যোৱানিশা গোপন সূত্ৰৰ পম খেদি দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত দুধনৈ আৰক্ষীয়ে পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা বাইক চুৰি কাণ্ডৰ সৈতে জড়িত চোৰকেইটা ক্ৰমে মাটিয়া থানাৰ অন্তৰ্গত মামুদপুৰৰ আব্দুল ৰহিম আলী, মালেক হুছেইন, বামুনপাৰাৰ ৰাজিবুল ইছলাম, ৰংজুলি থানাৰ অন্তৰ্গত ফৰেষ্ট কাণকাটাৰ আব্দুল বাৰিক, খেৰোপাৰাৰ নুৰ আলম ওৰফে ৰাহুল, কাণকাটাৰ সোমেৰ আলী ওৰফে তৰুণ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, এই বাইক চোৰ কেইটাৰ পৰা এখন বুলেটৰ উপৰি ৭খন বাইক জব্দ কৰাৰ উপৰি ১১খন ভুৱা নম্বৰ প্লেট, বাইক মেৰামতিৰ বিভিন্ন সামগ্ৰী জব্দ কৰে। জব্দ হোৱা ভুৱা নম্বৰ প্লেট সমূহৰ বেছিভাগে মেঘালয়ৰ নম্বৰ সংযুক্ত। দুধনৈ থানাত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই বাইক চুৰি চক্ৰৰ সৈতে জড়িত ধৃত বাইক চোৰকেইটাই অসমৰ বিভিন্ন জিলাত সিঁচৰতি হৈ থকা বাইক চোৰৰ ৰেকেটৰ সৈতে জড়িত থকা বুলি জানিবলৈ দিয়ে।

গোৱালপাৰা জিলাৰ পৰা সমুলঞ্চে বাইক চোৰৰ ৰেকেট উৎখাত কৰা হ’ব বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। যিসকল লোকে চুৰি বাইক ক্ৰয় কৰিছে তেওঁলোকেও ৰেহাই নাপাব বুলি কোৱাৰ লগতে বাইক চোৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই যাব বুলিও দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মুকুট কাকতিয়ে জানিবলৈ দিয়ে।

আনহাতে, দুধনৈত ‘সিংঘম’ হিচাপে জনপ্ৰিয় হোৱা আৰক্ষী বিষয়া মুকুট কাকতিয়ে বাইক চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাত এতিয়া চোৰৰ চক্ৰটো থৰহৰি কম্পমান হোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰে এক উদাহৰণ হৈছে দুধনৈৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত এখন KTM বাইক উদ্ধাৰ৷ অনুসন্ধান কৰি আৰক্ষীয়ে তথ্য লাভ কৰে যে, উদ্ধাৰ হোৱা বাইকখন কেইদিনমান পূৰ্বে ধূপধৰাৰ পৰা চুৰি হৈছিল৷

উল্লেখযোগ্য যে ইয়াৰ আগতেও আৰক্ষী বিষয়া মুকুট কাকতিয়ে বৃহৎ এক বাইক চুৰি ৰেকেট উৎখাত কৰি কেইবাটাও চোৰক ৰঙাঘৰৰ ভাত খুওৱাৰ উপৰিও উদ্ধাৰ কৰিছিল ১৬ খনকৈ চুৰি বাইক। জিলাখনত চলি থকা বাইক চুৰি চক্ৰটোক পুলিয়ে পোখাই উৎখাত কৰাৰ হুংকাৰ প্ৰদান কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয়, এই ৰেকেট সম্পূৰ্ণ নকৰা লৈকে অভিযান তীব্ৰ ৰূপত চলিব৷
Published by: Sanjay Kumar Das
First published: June 8, 2021, 9:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি