ধৃত লোককেইজনক কাটলিছেড়া থানাত সোধা-পোছা অব্যাহত ৰাখিছে।
ধৃত লোককেইজনক কাটলিছেড়া থানাত সোধা-পোছা অব্যাহত ৰাখিছে।
হাইলাকান্দি জিলাত অব্যাহত আছে আৰক্ষীৰ বাৰ্মিজ চুপাৰি বিৰোধী অভিযান। শুকুৰবাৰৰ পিছতে দেওবাৰে নিশা পুনৰ হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি। নিশা হাইলাকান্দি আৰক্ষীয়ে জিলাৰ দুটা ভিন্ন ঠাইত অভিযান চলাই জব্দ কৰে মুট ৮টন বাৰ্মিজ চুপাৰি। মুঠ ১০০টা বস্তাত ভৰাই আনিছিল চুপাৰিখিনি। জব্দকৃত ছুপাৰিৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
অসম–মিজোৰাম সীমান্ত বিবাদ আৰু এই বিবাদক কেন্দ্ৰ কৰি ৬ গৰাকী আৰক্ষী জোৱানৰ মৃত্যুৰ পিছতে বৰ্তমানে বৰাক উপত্যকাত পৰিৱৰ্তন হৈছে মিজোৰাম লগত ব্যবসায়িক সম্পৰ্ক। বৰাকৰ স্থানীয় ৰাইজৰ বিৰোধ আৰু আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পিছতে বৰ্তমানে প্ৰায় বন্ধ হৈ পৰিছে সকলো অবৈধ আমদানি–ৰপ্তানি। ফলত এতিয়া ভিন্ন পন্থা অৱলম্বন কৰিছে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ লগতে জড়িত ক’লা ব্যবসায়ীসকলে। এতিয়া নদীপথেৰে মিজোৰাম হৈ ম্যানমাৰৰ পৰা অবৈধভাৱে বাৰ্মিজ চুপাৰিৰ আমদানি আৰম্ভ কৰিছে এইসকল ক’লা ব্যবসায়ীয়ে।
দেওবাৰ নিশা কাৰিছেড়া পেট্ৰ’ল পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুদৰ্শন ভাৰতীৰ নেতৃত্বত পেট্ৰ’লিং চলি থকা সময়ত স্থানীয় কুকিছেড়া এলেকাত ধলেশ্বৰী নৈৰ পৰা জব্দ কৰে ৩৬ বেগ বাৰ্মিজ চুপাৰি। লগতে গ্ৰেপ্তাৰ কৰে তিনি নাৱৰীয়াক। একেই নিশা কাটলিছেড়া থানাধীন কাঠলতলী এলেকাৰ পৰা জব্দ হয় আন ৬৪ বেগ বাৰ্মিজ চুপাৰি। কাটলিছেড়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাতুল কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে জব্দ কৰে চুপাৰি কঢ়িয়াই অনা চাৰিখন নাও। লগতে গ্ৰেপ্তাৰ কৰে আন ৯জন নাৱৰীয়াক।
ধৃত লোককেইজনক কাটলিছেড়া থানাত সোধা-পোছা অব্যাহত ৰাখিছে। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে এই অবৈধ ব্যবসায়ৰ লগতে জড়িত মূল ক’লা ব্যবসায়ীকেইটাৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। ইপিনে, গ্ৰেপ্তাৰ হোৱা এই ব্যক্তিসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আইন অনুযায়ী ব্যবস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|