যোৱা ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুকলি হোৱাৰ প্ৰথম সপ্তাহত কাজিৰঙালৈ আগমন ঘটিল প্ৰায় ১২০০ পৰ্যটকৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল উদ্যানখন।
যদিও সাধাৰণতে ১৫ অক্টোবৰৰ পিছতহে কাজিৰঙালৈ পৰ্যটকৰ আগমন হয় এইবাৰ কিন্তু মুকলিৰ পিছতেই আশানুৰূপ সঁহাৰি লাভ কৰিছে উদ্যান কৰ্তৃপক্ষই। আনহাতে অহা ১ নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত আৰম্ভ হ'ব হাতী চাফাৰী।
কঁহৰা বনাঞ্চলত ১২টা বিভাগীয় হাতীৰ জৰিয়তে পৰ্যটকক হাতী চাফাৰীৰ ব্যৱস্থা কৰাৰ বিপৰীতে বাগৰী বনাঞ্চলত ব্যক্তিগত হাতীৰে পৰ্যটকে কৰিব পাৰিব হাতী চাফাৰী। হাতী চাফাৰীৰ লগতে পৰ্যটকৰ বাবে মুকলি হ'ব এলিফেণ্ট ফিডিং চেণ্টাৰো। কঁহৰাৰ মিহিমুখত পৰ্যটকে হাতীৰ গতিবিধি, খাদ্য খোৱা প্ৰণালী আদি প্ৰত্যক্ষ কৰিব পাৰিব।
সঞ্চালকগৰাকীয়ে আশা প্ৰকাশ কৰে যে দূৰ্গা পূজা উপলক্ষে অহা সপ্তাহত দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি হ'ব কাজিৰঙাত। ইতিমধ্যে বিভাগীয় সকলো গেষ্ট হাউট আগতীয়াকৈ বুকিং হৈছে বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|