মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Barak Bandh : লায়লাপুৰ কাণ্ডৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধত স্তব্ধ বৰাক । জনশূন্য বৰাকৰ তিনি জিলা কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি ।

Barak Bandh : লায়লাপুৰ কাণ্ডৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধত স্তব্ধ বৰাক । জনশূন্য বৰাকৰ তিনি জিলা কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি ।

News18 Assam | News18-Assam
Updated:July 28, 2021, 12:58 PM IST
Barak Bandh : লায়লাপুৰ কাণ্ডৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধত স্তব্ধ বৰাক । জনশূন্য বৰাকৰ তিনি জিলা কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি ।
১২ ঘন্টিয়া বন্ধত স্তব্ধ বৰাক উপত্যকা

১২ ঘন্টিয়া বন্ধত স্তব্ধ বৰাক উপত্যকা

  • Share this:
সোমবাৰে কাছাৰ জিলাৰ লায়লাপুৰত মিজোৰাম আৰক্ষী (Mizoram Police) আৰু একাংশ দুষ্কৃতিয়ে চলোৱা যৌথ আক্ৰমণত শ্বহীদ হৈছিল অসম আৰক্ষী (AssamPolice)ৰ ৬ গৰাকী জোৱান। এই ঘটনাৰ প্ৰতিবাদত যোৱা দুদিন ধৰি উত্তাল হৈ আছে বৰাক উপত্যকা (Barak Valley)ৰ তিনি জিলাৰ লগতে সমগ্ৰ অসম । মঙলবাৰৰ পৰা তিনিওখন জিলাত বিভিন্ন দল সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আৰু ৰে'ল পথ বিচ্ছিন্ন কৰি মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছে।

ইপিনে, লায়লাপুৰ কাণ্ডৰ প্ৰতিবাদত আজি ৰাতি পুৱা ৬ বজাৰ পৰা ১২ ঘণ্টীয়া বৰাক বন্ধ(Barak Bandh)ৰ আহ্বান জনাইছে বৰাক ডেমোক্ৰেটিক ফ্ৰণ্ট নামৰ স্থানীয় এটা সংগঠনে। আৰু এই বন্ধৰ সমৰ্থনত আগ বাঢ়ি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটো জাতীয় দল-সংগঠন।

এই বন্ধৰ ফলত আজি পুৱাৰ পৰাই সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰে বৰাকৰ জনজীৱন। কোভিড প্ৰটোকলৰ বাবে আন্ত:জিলা যান-বাহন চলাচল বন্ধ আছে । ইয়াৰ উপৰি এই বন্ধৰ ফলত জিলা সমূহৰ ভিতৰতো কোনো যান-বাহন আজি চলাচল কৰা পৰিলক্ষিত হোৱা নাই । বৰাক উপত্যকাৰ আন দুই জিলাৰ সমান্তৰালভাৱে আজি পুৱাৰ পৰাই হাইলাকান্দি জিলাতো পৰিলক্ষিত হয় বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ । পুৱাৰে পৰাই জিলাখনত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে জনজীৱন।

ইপিনে, আজি হাইলাকান্দি জিলাৰ কাটাখালত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ডেমোক্ৰেটিক ফ্ৰন্টৰ সদস্যসকলে। লগতে অসম-মিজোৰাম সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ দাবীও জনায় প্ৰতিবাদকাৰীসকলে। আনফালে, হাইলাকান্দি জিলাৰ বিভিন্ন ঠাইত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনৰ সদস্যই।
Published by: Manjumoni Borah
First published: July 28, 2021, 12:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি