NRCত নাম নাই ভূমিপুত্ৰৰ, আক্ৰাছুৰ ১২ ঘণ্টীয়া অসম বন্ধ

NRCৰ পৰা নাম বাদ পৰা ভূমিপুত্ৰ কোচ–ৰাজবংশী লোকসকলক বিনাচৰ্তে NRCত অন্তৰ্ভুক্ত কৰা, পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবী

News18-Assam
Updated:September 20, 2019, 11:36 AM IST
NRCত নাম নাই ভূমিপুত্ৰৰ, আক্ৰাছুৰ ১২ ঘণ্টীয়া অসম বন্ধ
NRCৰ পৰা নাম বাদ পৰা ভূমিপুত্ৰ কোচ–ৰাজবংশী লোকসকলক বিনাচৰ্তে NRCত অন্তৰ্ভুক্ত কৰা, পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবী
News18-Assam
Updated: September 20, 2019, 11:36 AM IST
চূড়ান্ত NRCৰ পৰা নাম বাদ পৰা ভূমিপুত্ৰ কোচ–ৰাজবংশী লোকসকলক বিনাচৰ্তে NRCত অন্তৰ্ভুক্ত কৰা, পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবী আজি ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে আক্ৰাছুৱে। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বন্ধৰ আহ্বান সংগঠনটোৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

চাপৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকসকলে। চাপৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাতো শান্তিপূৰ্ণভাৱে বন্ধ পালন। জিলাখনত অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।



ইফালে অসম–বংগ সীমান্তৰ ছাগলীয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছু সদস্যসকলে। প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

বাক্সাৰ গোৰেশ্বতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। পুৱা NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছু সদস্যসকলে। যান–বাহনৰ চলাচল বন্ধ থকাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো বন্ধ আছে।



আক্ৰাছুৰ অসম বন্ধৰ প্ৰভাৱ জাগীৰোডতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে। NRCৰ পৰা নাম বাদ পৰা কোচ–ৰাজবংশীসকলৰ নাম বিনাচৰ্তে অন্তৰ্ভুক্ত কৰাৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত।

মৰিগাঁৱতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। মৰিগাঁও–নগাঁও আৰু মৰিগাঁও–জাগীৰোড সংযোগী গড়কাপ্টানী পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থনকাৰীয়ে। ‘প্ৰতীক হাজেলা মুর্দাবাদ’ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

কোকৰাঝাৰৰ গোসাঁইগাঁৱতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে। শ্ৰীৰামপুৰত আৱদ্ধ হৈ পৰিছে বহু যান-বাহন। বন্ধৰ ফলত গোসাঁইগাঁৱকে ধৰি ভাওৰাগুৰি, কচুগাঁও, সাপকাটা, শ্ৰীৰামপুৰ আদি অঞ্চলত চৰকাৰী অনুষ্ঠান–প্ৰতিষ্ঠান, দোকান–পোহাৰ সকলে বন্ধ হৈ পৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি