আজি ৫ সংগঠনৰ অসম বন্ধৰ আহ্বান, বড়ো শান্তি চুক্তিৰ নামত UTC গঠনৰ বিৰোধিতা

Sanjay Kumar Das | News18-Assam
Updated:January 27, 2020, 8:43 AM IST
আজি ৫ সংগঠনৰ অসম বন্ধৰ আহ্বান, বড়ো শান্তি চুক্তিৰ নামত UTC গঠনৰ বিৰোধিতা
সোমবাৰে সংগঠনকেইটাই ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে যদিও এই বন্ধ অনিৰ্দিষ্ট কাললৈ চলিব বুলি সদৰি কৰিছে প্ৰতিবাদকাৰীসকলে।

সোমবাৰে সংগঠনকেইটাই ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে যদিও এই বন্ধ অনিৰ্দিষ্ট কাললৈ চলিব বুলি সদৰি কৰিছে প্ৰতিবাদকাৰীসকলে।

  • Share this:
এন ডি এফ বিৰে শান্তি চুক্তি স্বাক্ষৰ কৰি ইউটিচি গঠনৰ প্ৰক্ৰিয়া চলাৰ প্ৰাকমুহূৰ্তত আক্ৰাছুকে ধৰি ৫ সংগঠনে ইয়াৰ বিৰোধিতা কৰি সোমবাৰে অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে। আক্ৰাছু, এবিএমছু, নাথ যোগী ছাত্ৰ সন্থা, আছা, কলিতা ছাত্ৰ সন্থা, অবড়ো সুৰক্ষা সমিতিয়ে এনডিএফবিৰে শান্তি চুক্তিৰ নামত ইউটিচি গঠনৰ বিৰোধ কৰি বন্ধ কাৰ্যসূচী পালন কৰিছে।

সোমবাৰে সংগঠনকেইটাই ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে যদিও এই বন্ধ অনিৰ্দিষ্ট কাললৈ চলিব বুলি সদৰি কৰিছে প্ৰতিবাদকাৰীসকলে। চিৰাং আৰু বঙাইগাঁও জিলাত বন্ধ সৰ্বাত্মক ৰূপত পৰা দেখা গৈছে। ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে, বড়ো সংগঠনেৰে চুক্তি স্বাক্ষৰ কৰি কেন্দ্ৰই বিটিএডিৰ অবড়ো ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে। সোমবাৰে স্বাক্ষৰিত হ'ব বড়ো জাতিৰ প্ৰতিনিধিৰ সৈতে তৃতীয়খন ত্ৰিপাক্ষিক চুক্তি৷ শান্তি চুক্তিৰ বাবে দিল্লীত বাহৰ পাতিছে NDFBৰ চাৰিওটা গোটৰ শীৰ্ষ নেতৃত্ব তথা এবছুৰ নেতৃত্বই।
আৰু চাওক
পৰৱৰ্তী বাতৰি