দৰং জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণা আক্ৰান্তৰ সংখ্যা। অতিৰিক্ত উপায়ুক্ত, চিকিৎসক, নাৰ্ছ, আৰক্ষী পৰা স্বাস্থ্যকৰ্মী কোনো সাৰি যোৱা নাই কোৰোণাৰ পৰা। সংক্ৰমণৰ আশংকাত জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা হ’বলগা হৈছে হোম কোৱাৰেণ্টাইন। অৱশ্যে উপায়ুক্তগৰাকীৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। শেহতীয়াকৈ জিলাখনত পুনৰ নতুনকৈ আক্ৰান্ত হৈছে ৫২জন লোক। ইয়াৰ ভিতৰত আৰক্ষী, স্বাস্থ্য কৰ্মী, চিকিৎসকো আছে।
মঙলদৈ পলিক্লিনিকৰ ১২গৰাকী লোক আক্ৰান্ত হ’ল COVID-19ত। ইয়াৰ ভিতৰত ৫ গৰাকী নাৰ্ছ, চিকিৎসালয়ত কৰ্মৰত লোকৰ লগতে ৰোগীৰ আত্মীয়ও আছে। উল্লেখ্য যে ৬ জুলাইত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনিগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছিল COVID-19। কোভিড পজিটিভ পোৱা ডাঃ হৰজোতি ডেকা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ লগতে মঙলদৈ পলিক্লিনিকৰ প্ৰসূতি বিভাগৰ চিকিৎসক। ৬ জুলাইত ডাঃ হৰজ্যোতি ডেকাৰ সংস্পৰ্শলৈ অহা লোকৰ লগতে ডাঃ ডেকাই চিকিৎসা সেৱা আগবঢ়োৱা মঙলদৈ পলিক্লিনিকৰ প্ৰত্যেকৰে লোৱা হৈছিল নমুনা।
ইয়াৰ পিছতেই শেহতীয়াভাৱে ডাঃ হৰজোতি ডেকাৰ সংস্পৰ্শলৈ অহা মঙলদৈ পলিক্লিনিকৰ ৫ গৰাকী নাৰ্ছসহ ১২গৰাকী লোকৰ দেহত পোৱা গৈছে কোভিড পজিটিভ। ইতিমধ্যে চিকিৎসালয়খন বন্ধ কৰি দিয়াৰ লগতে ১০০ মিটাৰত থকা সকলো দোকান, ফাৰ্মাচী বন্ধ কৰি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।
ইফালে, শনিবাৰে আৰু এগৰাকী চিকিৎসক আক্ৰান্ত হয় কোৰোণাত। আক্ৰান্ত চিকিৎসক ডাঃ মুনীন্দ্ৰ মেধি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ চিকিৎসক। জিলাখনত মুঠ ৬গৰাকী চিকিৎসক আক্ৰান্ত কোৰোণাত। আনহাতে, শেহতীয়াকৈ আক্ৰান্ত ফুলমণি বৰুৱা গোসাইগাঁও ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী হোৱাৰ বিপৰীতে পল্লৱ নাৰায়ণ কোঁৱৰ পিকচেল ডায়েগ’নেষ্টিক চেণ্টাৰ আৰু জয়দেৱ লোহাৰ লুইত ডায়েগ’নেষ্টিক চেণ্টাৰৰ কৰ্মচাৰী। তদুপৰি, আক্ৰান্ত প্ৰদীপ ৰাভা কামৰূপ জিলাত কৰ্মৰত এগৰাকী স্বাস্থ্যকৰ্মী আৰু ময়নুদ্দিন আহমেদ মঙলদৈৰ মহামায়া অপ্তিকেলৰ কৰ্মচাৰী।
মঙলদৈ ষ্টেট বেংকৰ মুখ্য শাখাৰ এগৰাকী কৰ্মচাৰী ৩ জুলাইত আক্ৰান্ত হোৱাৰ পিছত পিছত বেংকটোৰ মুঠ ৩৬জন কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰা হৈছিল। শেহতীয়াকৈ কিশোৰী লাল বাচফৰ নামৰ আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা বেংকৰ কৰ্মচাৰী স্নেহা ভট্টাচাৰ্য আৰু ডলী সিং আক্ৰান্ত হয় এই ভাইৰাছত। আন ৩৩জনৰ ফলাফল নিগেটিভ আহিছে।
দৰং জিলাৰ প্ৰথমগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছিল। মৃত্যু হোৱা তৰ্জুনা বেগমৰ (৩৮) ঘৰ দলগাঁৱৰ আলিপুৰ ৰোডত। ৭ জুলাইত কোভিড-১৯ ধৰা পৰা মহিলাগৰাকীৰ এম এম চি এইচত মৃত্যু হয়। বৰ্তমানলৈ জিলাখনত ৪২৭জন আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪৬ আৰোগ্য হৈ উঠিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|