உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ১১ বছৰেও সম্পূৰ্ণ নোহোৱা এখন দলং। চৰকাৰৰ উন্নয়নৰ শ্লেগানক কৰিছে ভেঙুচালি! 

    ১১ বছৰেও সম্পূৰ্ণ নোহোৱা এখন দলং। চৰকাৰৰ উন্নয়নৰ শ্লেগানক কৰিছে ভেঙুচালি! 

    ডোনাৰ মন্ত্ৰালয়ৰ পৰা আৱণ্টিত বিটিচিৰ বিশেষ পেকেজৰ অধীনত ৮ কৌটি টকা ধাৰ্য্য কৰা হৈছিল । বিভাগীয়ভাৱে এই দলংখন নিৰ্মাণৰ বাবে পাঁচ বছৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল ।

    • Share this:
      ১১ বছৰে সম্পূৰ্ণ নহ'ল এখন দলং। ফলত মৰণত শৰণ দি বিপদসংকুল যাতায়ত কৰিছে শতাধিক গাঁওৰ জনসাধাৰণে । এই দলংখন সম্পূৰ্ণ নোহোৱা বাবে এখন ক্ষুদ্ৰ ভুটভুটি নাৱেৰে নিতৌ হাজাৰ হাজাৰ লোকে কৰিব লগা হৈছে কষ্টকৰ যাতায়ত।

      পুঠিমাৰী নৈৰ প্ৰবল সোঁতত এখন ভুটভুটিৰেই শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে অহা-যোৱা কৰে ভৰ বাৰিষাতো। কেইবাজনো ঠিকাদাৰ  আহিল আৰু গ'ল, দলং নিৰ্মাণ সম্পূৰ্ণ নহ'ল ।  ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দলংঘাটত পুঠিমাৰী নৈৰ ওপৰত যোৱা ১১ বছৰে সম্পূৰ্ণ নহ'ল এইখন দলং ।

      ৰঙিয়া আৰু গোৰেশ্বৰৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পথটোৰ এই দলংখন  নিৰ্মাণ কাৰ্যৰ আৰম্ভণিৰ ১১ বছৰ পিছতো আজিলৈ ৩০ শতাংশ কামো আগবঢ়া নাই। উপায়বিহীন গঞাই দলংঘাট-গুৰমৌৰ মাজত পুঠিমাৰী নৈত ওপৰত সাজি লৈছিল এখন বৃহৎ বাহৰ দলং । কিন্তু কিছুদিন পূৰ্বে নৈৰ সোতত উটি গ'ল যাতায়তৰ একমাত্ৰ সম্বল বাহৰ দলংখন। ফলত শতাধিক গাঁৱৰ ৰাইজে এতিয়া টুলুঙা নাৱেৰে অথবা ৰে'লৰ দলঙেৰে বিপদজনক যাতায়ত কৰিবলৈ বাধ্য হৈছে ।

      উল্লেখ্য যে পকী দলংখন নিৰ্মাণৰ বাবে ডোনাৰ মন্ত্ৰালয়ৰ পৰা আৱণ্টিত বিটিচিৰ বিশেষ পেকেজৰ অধীনত ৮ কৌটি টকা ধাৰ্য্য কৰা হৈছিল । বিভাগীয়ভাৱে এই দলংখন নিৰ্মাণৰ বাবে পাঁচ বছৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল । কিন্তু আজি ১১ বছৰ পিছতো দলঙখন সম্পূৰ্ণ হৈ নুঠিল ।
      Published by:Manjumoni Borah
      First published: