টেট উত্তীৰ্ণ সকলে কেতিয়া লাভ কৰিব নিযুক্তি? এই লৈ বিভিন্ন কথা-বতৰা চলি থকাৰ মাজতে গোলাঘাটত শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মন্ত্ৰীগৰাকীয়ে জনাই যে, আগষ্ট মাহত ৰাজ্যত নিযুক্তি দিয়া হ’ব ১১ হাজাৰ টেট শিক্ষকক। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টেট উত্তীৰ্ণ সকলে চলিত বৰ্ষত নিযুক্তি লাভ নকৰিব বুলি বিভিন্ন সংবাদমাধ্যম বাতৰি প্ৰকাশ পাইছিল যদিও, শুকুৰবাৰে গোলাঘাটত মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণাই সকাহ দিছে টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থী সকলক।
ইফালে গোলাঘাটৰ কোভিড হাস্পতাল পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, গোলাঘাটত ১০০ জনতকৈ বেছি লোক স্থানীয় ভাবে সংক্ৰমিত হোৱাতো চিন্তাৰ বিষয়। আগষ্ট মাহৰ ভিতৰত গোলাঘাটত কোৰোণাত আক্ৰান্ত ৰোগীয়ে ২,৫০০ৰ ঘৰ অতিক্ৰম কৰিব বুলিও সন্দেহ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|