Coronavirus : আকৌ লকডাউন হ’ব নেকি! জনসাধাৰণক কি আহ্বান জনালে যোৰহাটৰ উপায়ুক্তই?

মঙলবাৰে যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰী আক্রান্ত হৈছে কোভিড–১৯ত।
মঙলবাৰে যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰী আক্রান্ত হৈছে কোভিড–১৯ত।
- News18 Assam
- Last Updated: April 7, 2021, 8:49 AM IST
মঙলবাৰে যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয় (DCB College)ৰ ১১ গৰাকী ছাত্ৰী আক্রান্ত হৈছে কোভিড–১৯ত। যোৰহাটৰ মহাবিদ্যালয়সমূহত মঙলবাৰৰ পৰা আৰম্ভ কৰা হৈছে কোভিড–১৯ৰ পৰীক্ষা। RAT টেষ্ট কৰোৱা হৈছে ছাত্ৰ–ছাত্ৰীসকলক। আৰু এই পৰীক্ষাৰ পিছতেই মহাবিদ্যালয়খনৰ ১১ গৰাকী ছাত্ৰীৰ শৰীৰত ধৰা পৰে কোভিড–১৯ৰ অৱস্থিতি। ইয়াৰে ৩ গৰাকী ছাত্ৰী মহাবিদ্যালয়খনৰ ছাত্ৰী নিৱাসৰ বাসিন্দা। বৰ্তমান আটাইকেইগৰাকী ছাত্ৰী হোম আইছ'লেচনত আছে। ছাত্ৰী নিৱাসৰ তিনিওগৰাকী বাসিন্দাকে আছুতীয়া কোঠাত ৰখা হৈছে। মঙলবাৰে যোৰহাটৰ ডিচিবি ছোৱালী মহাবিদ্যালয়, জে বি কলেজ (JB College) আৰু জিষ্ট (JIST)ৰ ছাত্ৰ–ছাত্ৰীসকলৰ কোভিড–১৯ৰ পৰীক্ষা কৰোৱা হয়। জিলাখনৰ মুঠ ১৯খন মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলক কৰোৱা হ'ব কোৰোণাৰ পৰীক্ষা। চলিত মাহৰ ৬ তাৰিখৰ পৰা ২১ তাৰিখলৈকে মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী সকলক কৰোৱা হ'ব এই পৰীক্ষা।
"যোৰহাট আৰু তিতাবৰৰ মুঠ চাৰিখন মহাবিদ্যালয়ত আজি পৰীক্ষা কৰা হৈছিল। ইয়াৰে কেৱল ডিচিবি কলেজতহে ১১ গৰাকী ছাত্ৰীৰ শৰীৰত কোভিড–১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে তিনিগৰাকী ছাত্ৰীৰ বুধবাৰে পৰীক্ষা আছে। তেওঁলোকৰ বাবে আছুতীয়া কোঠাত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমি এই ছাত্ৰীসকলৰ সংস্পৰ্শলৈ অহা লোকসকলৰো অনুসন্ধান কৰিছো।", যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে এনেদৰে কয়।
আনহাতে ডিচিবি ছোৱালী মহাবিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰীৰ শৰীৰত কোভিড–১৯ পজিটিভ পোৱা গৈছে যদিও ছাত্ৰীকেইগৰাকী সুস্থ হৈ আছে আৰু তেওঁলোকৰ শৰীৰত নাই ৰোগৰ লক্ষণ। যোৰহাটৰ উপায়ুক্তই শেহতীয়াকৈ জিলাখনত জনসাধাৰণৰ মাজত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিবৰ বাবে কেইবাটাও টাস্ক ফৰ্চ গঠন কৰিছে। বৰ্তমানৰ পৰিস্থিতিত যোৰহাটত লকডাউনৰ কোনো সম্ভাৱনা নাই বুলি জানিবলৈ দি উপায়ুক্তগৰাকীয়ে তেনে পৰিস্থিতি যাতে নাহে তাৰ বাবে সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে।