অসম আৰক্ষীৰ ১১গৰাকী ফুটবলাৰৰ দেহত কোৰোণা ভাইৰাছ পজিটিভ

News18 Assam | News18-Assam
Updated:July 26, 2020, 5:18 PM IST
অসম আৰক্ষীৰ ১১গৰাকী ফুটবলাৰৰ দেহত কোৰোণা ভাইৰাছ পজিটিভ
খেলুুুৱৈ কেইগৰাকীৰ দেহত নাই বেমাৰৰ কোনো লক্ষণ। আটায়ে নিজৰ ৰুমৰ ভিতৰতে অথবা চোতালত নিতৌ অনুশীলনো কৰিছিল। 

খেলুুুৱৈ কেইগৰাকীৰ দেহত নাই বেমাৰৰ কোনো লক্ষণ। আটায়ে নিজৰ ৰুমৰ ভিতৰতে অথবা চোতালত নিতৌ অনুশীলনো কৰিছিল। 

  • Share this:
অসমত কোভিড–১৯–এ ভয়াবহ ৰূপ ধাৰণ কৰিছে। এইপৰ্যন্ত অসমত প্ৰায় ৩২ হাজাৰ লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। শেহতীয়াকৈ অসম পুলিচ ব্লুজ দলৰ এঘাৰ গৰাকী আগশাৰীৰ ফুটবলাৰৰ দেহত কোৰোণা ভাইৰাছ পজিটিভ পোৱা গৈছে। গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ কোভিডৰ টেষ্টিং চেণ্টাৰত এণ্টিজেন টেষ্ট কৰাত খেলুৱৈ কেইজনৰ দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা ধৰা পৰে।

পজিটিভ অহা ফুটবলাৰ কেইজনৰ অন্যতম হ’ল ক্ৰমে চিত্ৰজিৎ চুতীয়া, সঞ্জীৱ বৰগোহাঁই, শশাংক ৰাভা, শংকৰ ব্ৰহ্ম, স্বভিলাল কোঁৱৰ, ৰাজকুমাৰ পাংগিং আৰু সঞ্জয় ৰাভা।
আটাইকেইজন ফুটবলাৰকে সম্প্ৰতি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে। খবৰ পোৱা অনুযায়ী, ৰাষ্ট্ৰীয় ফুটবলাৰ সঞ্জয় ৰাভাৰ টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও তেওঁকো লৈ যোৱা হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰলৈ।

উল্লেখযোগ্য যে খেলুুুৱৈ কেইগৰাকীৰ দেহত নাই বেমাৰৰ কোনো লক্ষণ। আটায়ে নিজৰ ৰুমৰ ভিতৰতে অথবা চোতালত নিতৌ অনুশীলনো কৰিছিল। ৰিপ’ৰ্টত নিগেটিভ অহা খেলুৱৈ সঞ্জয় ৰাভাক পজিটিভৰ লগত ৰখাত ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।
Published by: Sanjay Kumar Das
First published: July 26, 2020, 5:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading