মুখ্যপৃষ্ঠা »খবৰ »অসম »Conversion in Assam : জাগীৰোডত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনক লৈ কঠোৰ গোভা দেউৰজা, ধৰ্মান্তৰিত ১১ পৰিয়ালে পুনৰ গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

Conversion in Assam : জাগীৰোডত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনক লৈ কঠোৰ গোভা দেউৰজা, ধৰ্মান্তৰিত ১১ পৰিয়ালে পুনৰ গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

অসমৰ ভাষা-সংস্কৃিত নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কাৰ?

অসমৰ ভাষা-সংস্কৃিত নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কাৰ?

অসমৰ ভাষা-সংস্কৃিত নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কাৰ?

  • Share this:

অসমত অব্যাহত আছে খ্ৰীষ্টিয়ান ধৰ্মৰ আগ্ৰাসন ৷ বিভিন্ন প্ৰলোভনেৰে সহজ-সৰল তিৱা লোকসকলক খ্ৰীষ্টান ধৰ্মলৈ কৰিছে ধৰ্মান্তৰকৰণ ৷ ধৰ্মান্তৰকৰণ কৰা এনে ১১টা পৰিয়ালৰ ৪৩গৰাকী সদস্যই পুনৰ গ্ৰহণ কৰিলে হিন্দু ধৰ্ম ৷ জাগীৰোডত গোভা দেউৰজাৰ উপস্থিতিত পুনৰ উদ্ধাৰ কৰা হ’ল এইসকল তিৱা লোকক ৷


হয়, আন আন ৰাজ্যৰ লগতে অসমতো অব্যাহত আছে খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন ৷ শেহতীয়াকৈ জাগীৰোডত পোহৰলৈ আহিছে ধৰ্মান্তৰকৰণৰ ভয়ংকৰ তথ্য ৷ হিন্দু ধৰ্মৰ লগতে থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিছে এটা দুষ্টচক্ৰই (Conversion in Assam) ৷


বিশেষকৈ কৃষিজীৱী তিৱা জনজাতীয় লোকসকলক প্ৰলোভনৰ জালত বন্দী কৰি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাত উঠিপৰি লাগিছে এটা দুষ্টচক্ৰ, যাৰ ফলত তিৱা ভাষা-কৃষ্টি-সংস্কৃতিলৈ একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে এই ধৰ্মান্তৰকৰণে ৷


কিন্তু শেহতীয়াকৈ এইক্ষেত্ৰত কঠোৰ হৈছে জাগীৰোডৰ একাংশ সমাজ সচেতন ব্যক্তি ৷ পূৰ্বে ধৰ্মান্তৰিত হোৱা ব্যক্তিসকলক পুনৰ নিজ ধৰ্মলৈ ওভতাই অনাৰ প্ৰয়াস চলাইছে এইসকল সচেতন ব্যক্তিয়ে ৷ তাৰেই পৰিপ্ৰেক্ষিতত খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা ১১টা পৰিয়ালৰ মুঠ ৪৩ গৰাকী সদস্যক উদ্ধাৰ কৰা হয় ৷


গোভা দেউৰজা ৰাজপাৰিষদে জাগীৰোডস্থিত গোভা ৰজাৰ ৰাজভৱনত আয়োজন কৰে তিৱা পৰম্পৰাগত ধৰ্ম সংস্কৃতি সভা আৰু উদ্ধাৰ পৰ্ব অনুষ্ঠান, য’ত প্ৰলোভনৰ বলি হৈ খ্ৰীষ্টিয়ান ধৰ্ম (christianity) গ্ৰহণ কৰা জাগীৰোডৰ তিৱাচং গাঁৱৰ ১১ টা পৰিয়ালৰ মুঠ ৪৩ গৰাকী সদস্যক পৰম্পৰাগত ৰীতিনীতিৰ মাজেৰে পুনৰ উদ্ধাৰ কৰা হয় ৷


পৰিয়ালসমূহৰ সদস্যসকলৰ অনুমতি সাপেক্ষে গোভা দেউৰজাৰ পৰম্পৰাগত ৰীতি-নীতি আৰু পূজা-অৰ্চনাৰে খ্ৰীষ্টিয়ান ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ একাংশ দুষ্টচক্ৰই বিভিন্ন প্ৰলোভনেৰে সহজ-সৰল লোকসকলক ধৰ্মান্তৰকৰণৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আগন্তুক দিনত এই উদ্ধাৰ পৰ্ব অধিক শক্তিশালী হ’ব বুলি মন্তব্য কৰে গোভা দেউৰজা ৰাজ পাৰিষদ পৰিচালনা সমিতিৰ সম্পাদক জুৰসিং বৰদলৈয়ে৷


আনহাতে কাৰ্বি আংলং জিলাৰ কেয়াঁবাট গাঁৱৰো ১১টা পৰিয়ালৰ ৭০ জন লোক খীষ্ট্ৰান ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ উভতি আহে ৷ সেই উপলক্ষে কাৰ্বি-আংলঙত খ্ৰীষ্টান ধৰ্মৰ পৰা তিৱা, কাৰ্বি ধৰ্ম-সংস্কৃতিলৈ উদ্ধাৰ কৰা পূজাও সম্পন্ন কৰা হয় ৷

শেহতীয়া বাতৰি