অসমৰ আৰ্হি লৈছে কৰ্ণাটক, পঞ্জাব আৰু মেঘালয় আবকাৰী বিভাগে 

News18 Assam | News18-Assam
Updated:May 22, 2020, 4:30 PM IST
অসমৰ আৰ্হি লৈছে কৰ্ণাটক, পঞ্জাব আৰু মেঘালয় আবকাৰী বিভাগে 
অসম আৰক্ষীয়ে ইতিমধ্যে ক্ৰয় কৰিছে ২লাখ লিটাৰ ছেনিটাইজাৰ৷

অসম আৰক্ষীয়ে ইতিমধ্যে ক্ৰয় কৰিছে ২লাখ লিটাৰ ছেনিটাইজাৰ৷

  • Share this:
আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত ২৪ মাৰ্চৰ পৰা বিশ্ব স্বাস্থ্য সংস্থা আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশনাৱলী মানি অসম আবকাৰীয়ে প্ৰস্তুত কৰিছে বৃহৎসংখ্যক কোৰোণা প্ৰতিৰোধক উচ্চমানৰ ছেনিটাইজাৰ৷ লকডাউনৰ সময়ছোৱাত বিলাতী সুৰা প্ৰস্তুতকাৰী ১১টা বটলিং প্লাণ্টে যুদ্ধকালীনভাৱে প্ৰস্তুত কৰিছিল হেণ্ড ছেনিটাইজাৰ৷

মেছাৰ্ছ ছণ্টিনাৰী ডিষ্টিলেৰিজ এণ্ড বটলিং প্লাণ্ট, মেছাৰ্ছ এছ’চিয়েটছ এলকহল এণ্ড বেভাৰেজ কোম্পেনী, মেছাৰ্ছ চুৰ্মা ডিষ্টিলেৰিজ প্ৰাইভেট লিমিটেড, মেছাৰ্ছ ব্ৰহ্মপুত্ৰ বায়'কেম প্ৰাইভেট লিমিটেড, মেছাৰ্ছ ৰেডিয়েণ্ট মেনুফেকচাৰ্ছ প্ৰাইভেট লিমিটেড, মেছাৰ্ছ প্ৰগতি লিকাৰ ইণ্ডাষ্ট্ৰিজ, মেছাৰ্ছ ৰবি স্পিৰিট প্ৰাইভেট লিমিটেড, মেছাৰ্ছ এৰ'মা ইণ্ডিয়া প্ৰাইভেট লিমিটেড, মেছাৰ্ছ স্পেই বটলাৰ্ছ প্ৰাইভেট লিমিটেড, মেছাৰ্ছ নৰ্থ ইষ্ট ডিষ্টিলেৰিজ প্ৰাইভেট লিমিটেড আৰু মেছাৰ্ছ ছেভেন ছিষ্টাৰ্ছ ট্ৰেড ডিষ্টিলেৰিজ প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰা ১০লাখ লিটাৰ ছেনিটাইজাৰ বজাৰ মূল্যৰ তুলনাতকৈ অতি নিম্ন দামত ক্ৰয় কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে৷

অসম আৰক্ষীয়ে ইতিমধ্যে ক্ৰয় কৰিছে ২লাখ লিটাৰ ছেনিটাইজাৰ৷ ইয়াৰ লগতে সন্মুখৰ পৰা কোৰোণাৰে যুঁজাসকলক বিনামূল্যে হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰিছে জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই৷ সংবাদ মাধ্যম, বিভিন্ন প্ৰেছ ক্লাবসমূহৰ লগতে শাসক–বিৰোধীৰ বিধায়ক, সাংসদক বিভাগটোৱে যোগান ধৰিছে ছেনিটাইজাৰ৷ ত্ৰিপুৰা চৰকাৰকো এই সংকটৰ সময়ত বিনামূল্যে ১০হাজাৰ লিটাৰ ছেনিটাইজাৰ যোগান ধৰিছে অসম চৰকাৰে৷ অসম আবকাৰীয়ে প্ৰস্তুত কৰা উচ্চমানৰ ছেনিটাইজাৰৰ আৰ্হি বিচাৰিছে মেঘালয়, পঞ্জাব আৰু কৰ্ণাটকে৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading