
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক কাৰাটে খেলুৱৈৰ অংশগ্ৰহণ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক কাৰাটে খেলুৱৈৰ অংশগ্ৰহণ
গুৱাহাটী মহানগৰীৰ মালিগাঁওস্থিত নেতাজী বিদ্যাপীঠত অনুষ্ঠিত হৈছে দশম সংখ্যক ৰাজ্যিক যুৱ কাৰাটে চেম্পিয়নশ্বিপ ২০২২। কাৰাটে এছ'চিয়েচন অৱ আছামৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে, কালিৰ দিনটোত যুৱ কাৰাটে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে আজি অনুষ্ঠিত হৈ আছে শিশু কাৰাটে প্ৰতিযোগিতা। ৰাজ্যৰ উঠি অহা খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আয়োজিত এই চেম্পিয়নশ্বিপৰ সকলো পৰ্যায়ৰ কাৰাটে খেলুৱৈক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিছে। ইফালে আজি প্ৰতিযোগিতাৰ অন্তত বিজয়ী খেলুৱৈসকলক প্ৰদান কৰা হ'ব শ্ৰেষ্ঠত্বৰ খিতাপ।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|