• Home
  • »
  • News
  • »
  • assam
  • »
  • এগৰাকী সফল চিকিৎসক হোৱাৰ মন ডিফুৰ দশমস্থানপ্ৰাপ্ত অলিন্দিতা কলিতাৰ

এগৰাকী সফল চিকিৎসক হোৱাৰ মন ডিফুৰ দশমস্থানপ্ৰাপ্ত অলিন্দিতা কলিতাৰ

পাহাৰীয়া জিলাখনত আনন্দৰ বন্যা।

পাহাৰীয়া জিলাখনত আনন্দৰ বন্যা।

পাহাৰীয়া জিলাখনত আনন্দৰ বন্যা।

  • Share this:
হাওৰাঘাট : "সৰুৰে পৰাই মেট্ৰিকত এনেকুৱা এটা ভাল ফলাফল কৰাৰ আশা মনত পুহি ৰাখিছিলো যদিও নৱম-দশম শ্ৰেণী পোৱালৈকে প্ৰতিটো পাঠ খৰচি মাৰি অধ্যয়ন কৰাতহে অধিক গুৰুত্ব দিছিলো ৷ অৰ্থাৎ বিষয়বস্তুত মোৰ কনচেপ্ট সম্পূৰ্ণ ক্লিয়াৰ কৰাতহে সদায় বেছি প্ৰায়’ৰিটি দিছিলো ৷"  আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল অনুসৰি ৫৮৪ নম্বৰেৰে ৰাজ্যখনৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হোৱা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ মেধাৱী ছাত্ৰী অলিন্দিতা কলিতাই নিজৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদমাধ্যমৰ আগত এইদৰে কয় ৷

ফলাফলক লৈ সুখী অলিন্দিতাই নিজৰ এই কৃতিত্বৰ বাবে পোনপ্ৰথমেই নিকেতনৰ সমূহ শিক্ষাগুৰু আৰু পৰিয়ালবৰ্গৰ শ্ৰদ্ধাৰে শলাগ লয় ৷ সম্প্ৰতি গোলাঘাটত কৰ্মৰত শিক্ষক বংশীধৰ কলিতা আৰু ডিফুত এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত সংগীতা কলিতাৰ ডাঙৰ কন্যা অলিন্দিতা কলিতা ডিফুৰ ক্লিৰদাপ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী ৷ ঘৰুৱা টিউচন অবিহনেই দৈনিক নিয়মীয়াকৈ অধ্যয়ন কৰা অলিন্দিতাই নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলৰ পৰাই বিষয়বস্তুৰ প্ৰতিটো কথা খৰচি মাৰি বুজি লোৱাত অধিক গুৰুত্ব দিছিল ৷

আজৰি সময়ত মাহেকীয়া আলোচনী আদি পঢ়ি ভাল পোৱা অলিন্দিতাৰ ছবি অংকনৰ প্ৰতিও আছে যথেষ্ট ৰাপ ৷  ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ মন মেলা ডিফুৰ দশমস্থানপ্ৰাপ্ত অলিন্দিতা কলিতাই সম্প্ৰতি উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰ বাবে বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ সাজু হোৱাৰ কথা আমাৰ আগত ব্যক্ত কৰে ৷ মেধাৱী অলিন্দিতাৰ এই সাফল্যই নিকেতনৰ সমূহ আচাৰ্য-আচাৰ্যাৰ লগতে সমগ্ৰ পাৰ্বত্য জিলাবাসীৰ মাজত ব্যাপক আনন্দৰ বন্যা বোৱাইছে ৷
First published: