টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ প্ৰজ্ঞান শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে দশম স্থান। সৰ্বমুঠ ৫৮৫ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰজ্ঞান শৰ্মাই।
এই খবৰ লাভ কৰাৰ পিছতেই বিদ্যালয়খনত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে।আটচবাজী ফুটাই, হোলী খেলি আনন্দত আত্মহাৰা হ'ল বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক–শিক্ষয়িত্ৰী ।
পঢ়াৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সময় নাছিল যদিও যেতিয়াই মন যায় তেতিয়াই পঢ়িছিল বুলি প্ৰজ্ঞান শৰ্মাই মত প্ৰকাশ কৰে।
টিহুৰ নিকটৱৰ্তী বালাপাৰা নিৱাসী হেমন্ত শৰ্মা আৰু বিজুলী দেৱীৰ পুত্ৰ প্ৰজ্ঞান শৰ্মা।ফলাফল ঘোষণাৰ পিছতেই সমগ্ৰ বিদ্যালয়খনৰ লগতে টিহুত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 13:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।