বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰী প্ৰেৰণা ডেকাই দৈনিক আঠ-দহ ঘণ্টাকৈ অধ্যায়ন কৰিছিল
বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰী প্ৰেৰণা ডেকাই দৈনিক আঠ-দহ ঘণ্টাকৈ অধ্যায়ন কৰিছিল
বঙাইগাঁৱৰ প্ৰেৰণা ডেকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰপিএফ পৰিদৰ্শক ডিগম্বৰ ডেকা আৰু ৰে’ল বিভাগৰ কৰ্মচাৰী বন্দনা ডেকাৰ কন্যা প্ৰেৰণা ডেকাৰ সফলতাত আনন্দিত হৈ পৰিছে বঙাইগাঁৱবাসী ৷
বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰী প্ৰেৰণা ডেকাই দৈনিক আঠ-দহ ঘণ্টাকৈ অধ্যায়ন কৰিছিল ৷ ঘৰুৱা শিক্ষকৰ সহায় লোৱা প্ৰেৰণা ডেকাই টিভি চাই , মেগাজিন আদি পঢ়ি আজৰি সময় অতিবাহিত কৰে ৷ সুন্দৰ গীত গোৱা প্ৰেৰণাই নিজৰ এই সফলতাত অতিকে আনন্দিত বুলি জনাইছে।
ভৱিষ্যতে এৰ'নটিকেল ইঞ্জিনিয়াৰ হোৱাৰ আশা মনত পুহি ৰাখিছে প্ৰেৰণাই। ইফালে আনন্দৰ এই মুহুৰ্তত ছাত্ৰীগৰাকীৰ কাষত নাই পিতৃ ডিগম্বৰ ডেকা ৷ আৰপিএফ পৰিদৰ্শক ডিগম্বৰ ডেকাই কৰ্মসূত্ৰে থাকে নিউ জলপাইগুৰীত ৷ কোৰোণা ভাইৰাছৰ বিশেষ ডিউটিৰ বাবে পৰিদৰ্শক ডেকা আহিব নোৱাৰিলে ঘৰলৈ৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|