• Home
  • »
  • News
  • »
  • assam
  • »
  • Gir Cows to Assam: গুজৰাটৰ পৰা গৰুখুঁটি কৃষি প্ৰকল্প পালে ১০৮ গিৰ গাইগৰু, কি বিশেষ গুণৰ বাবে বিশ্বখ্যাত এই গৰু

Gir Cows to Assam: গুজৰাটৰ পৰা গৰুখুঁটি কৃষি প্ৰকল্প পালে ১০৮ গিৰ গাইগৰু, কি বিশেষ গুণৰ বাবে বিশ্বখ্যাত এই গৰু

এই প্ৰজাতিটোক স্থানীয় ভাষাত "ভোদালি", "দেশন", "গুজৰাটী", "কঠিয়াৱাৰী", "চৰ্থী" আৰু "চুৰাটী" বুলিও কোৱা হয়।

এই প্ৰজাতিটোক স্থানীয় ভাষাত "ভোদালি", "দেশন", "গুজৰাটী", "কঠিয়াৱাৰী", "চৰ্থী" আৰু "চুৰাটী" বুলিও কোৱা হয়।

এই প্ৰজাতিটোক স্থানীয় ভাষাত "ভোদালি", "দেশন", "গুজৰাটী", "কঠিয়াৱাৰী", "চৰ্থী" আৰু "চুৰাটী" বুলিও কোৱা হয়।

  • Share this:

গুজৰাটৰ পৰা অসম আহি পালে ১০৮টা গিৰ গাইগৰু। বৃহস্পতিবাৰে পুৱাৰ ভাগতে অসম আহি পাই অসম চৰকাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে আনিব লগা ২০০০টা গিৰ গাইগৰু( Gir cows)ৰ ১০৮টা। গুজৰাট (Gujarat)ৰ পৰা আহি পোনে পোনে ৰঙিয়া ষ্টেচন পোৱাৰ পিছত গৰুখুঁটিলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে গৰুকেইটা।


গৰুখুঁটি কৃষি প্ৰকল্প (Gorukhuti project)ৰ নেতৃত্বত থকা বিধায়ক পদ্ম হাজৰিকা (Padma Hazarika)ই উল্লেখ কৰে যে প্ৰথম পৰ্যায়ত ৫০০টা গিৰ গাই অসমলৈ অনা হ'ব। ইয়াৰ পিছত চুক্তি কৰা অনুযায়ী বাকী গৰুসমূহ অনা হব। গিৰ গাইসমূহৰ তদাৰকৰ বাবে গুজৰাটৰ পৰা ৬গৰাকী বিশেষজ্ঞৰ লগতে মুঠ ১৬গৰাকী কৰ্মীকো গৰুখুঁটিলৈ অনা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।


এই লোকসকলৰ তত্ত্বাৱধানত এনে গৰুৰ প্ৰতিপালনৰ দিশসমূহ অসমৰ লোককো শিকোৱা হ'ব। অসম চৰকাৰে (Assam government) এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। গৰুখুঁটিৰ পৰাই ৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যও ইয়াৰ লগতে কৰা হৈছে। উল্লেখ্য, গৰুখুঁটি কৃষি প্ৰকল্পক লৈ পদ্ম হাজৰিকাই কৈছিল যে গৰুখুঁটি প্ৰকল্পতে মাছ, মাংস, কণী, হাঁহ, কুকুৰা,পাৰ, গাহৰি সকলো উপলব্ধ হ’ব ।


কি বিশেষত্ব আছে গিৰ গৰুৰ


গিৰ গৰু থলুৱা গৰুৰ মাজত ভাল গাখীৰ উৎপাদক। গাখীৰ উৎপাদনৰ বাবে ই বহুলভাৱে জনাজাত। অসম চৰকাৰে এনে ১২-১৫ লিটাৰ গাখীৰ (Milk) উৎপাদন কৰা গিৰ গৰুৱে ক্ৰয় কৰিছে। এই প্ৰজাতিটোক স্থানীয় ভাষাত "ভোদালি", "দেশন", "গুজৰাটী", "কঠিয়াৱাৰী", "চৰ্থী" আৰু "চুৰাটী" বুলিও কোৱা হয়। গিৰ গৰুৰ নাম গিৰ অৰণ্যৰ নামেৰে ৰখা হৈছে, যি হৈছে এই প্ৰজাতিটো উৎপত্তিৰ ভৌগোলিক এলেকা।


মাইকী গৰুৱে গাখীৰ উৎপাদনৰ লগতে মতা গৰুবোৰে সকলো ধৰণৰ মাটিত গধুৰ বোজা টানি নিব পাৰে। খাদ্য কম খালেও অধিক গাখীৰ উৎপাদনৰ ক্ষমতা আছে ইয়াৰ। এই প্ৰজাতিৰ গৰু ভাৰতৰ পৰা ইতিমধ্যে ব্ৰাজিল, আমেৰিকা যুক্তৰাজ্য, ভেনিজুৱেলা আৰু মেক্সিকোৰ দৰে দেশবোৰে আমদানি কৰিছে আৰু তাত সফলতাৰে প্ৰজনন কৰা হৈছে।


Assam News Today | News in Assamese | Latest News in Assamese
Published by:Gautam Barman
First published: