ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত মহামাৰী কোৰোণা সংক্ৰমণ ডিব্ৰুগড়ত ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো অতি সন্তৰ্পণে কোভিড সংক্ৰমণ হৈ আছে যদিও জনসাধাৰণ সচেতন বা কোভিড প্ৰটকল মানি চলা পৰিলক্ষিত হোৱা নাই। ডিব্ৰুগড় জিলাখনত আজিলৈ মুঠ ৬২ গৰাকী বিভিন্ন বয়সৰ লোক আক্ৰান্ত হোৱা বুলি চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে।
এই এপ্ৰিল মাহতে আজিলৈ জিলাখনত সৰ্ব্বমুঠ ১০১ জনৰ দেহত নতুনকৈ কোভিড-১৯ ভাইৰাছ ধৰা পৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। চৰকাৰী তথ্য মতে, যোৱা ১ এপ্ৰিলত ১২ গৰাকী, ২ এপ্ৰিলত ৮ গৰাকী, ৩ এপ্ৰিলত ১১ গৰাকী, ৪ এপ্ৰিলত এগৰাকী, ৫ এপ্ৰিলত ১১ গৰাকী আৰু ৬ এপ্ৰিলত ১৯ গৰাকী, ৭এপ্ৰিলত ১৮ গৰাকী আৰু ৮ এপ্ৰিলত ২১ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাত জিলাখনত কিছু শংকাৰ সৃষ্টি হৈছে। জিলাখনত এনেদৰে কোৰোণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে। যদিও এই সংক্ৰমণ বৃদ্ধি পাইছে সমান্তৰালকৈ ক্ৰমান্বয়ে জিলাখনত নিয়ম অনুসৰি কোভিড ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে।
বৃহস্পতিবাৰৰ দিনটোতে ১৯ গৰাকী লোক নতুকৈ কোভিডত আক্ৰান্ত হোৱাটোৱে যথেষ্ট ভয়াৱহতাৰ ইংগিত বহন কৰিছে। জিলাখনত কোৰোণাৰ এনে পৰিস্থিতি হৈ থাকিলে,সমাগত বহাগ বিহুৰ সময়ত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰা সম্ভাৱনা আছে। সেয়ে জনগণে কঠোৰভাৱে কোভিড প্ৰটকল পালন নকৰিলে পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা আছে বুলি বিশেষভাৱে চৰ্চা চলিছে। সেয়ে পূৰ্ব্বৰ অভিজ্ঞতাৰ পৰা জনসাধাৰণে কোনো শিক্ষা নোলোৱাত ভৱিষ্যতৰ দিনত পুনৰ এক ভয়াবহ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে।