Covid–19ৰ সংহাৰলীলাৰ বাবেই এইবাৰ উৰুঙা হ'ল বহু বিহুতলী। অসমীয়াৰ প্ৰাণৰ আপোন ব’হাগক আদৰা আৰু বিদায় দিয়াৰ নামত ক'তো উদযাপন কৰা নহ’ল কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান। নগাঁও চহৰৰ কলংপৰীয়া সাংস্কৃতিক গোষ্ঠী "সৃষ্টি"–এও এইবাৰ বাতিল কৰিলে ব’হাগী বিদায়। ২০০১ চনতে জন্মলাভ কৰা সৃষ্টিয়ে প্ৰতিবাৰেই বিহু অনুষ্ঠানৰ নামত সংগ্ৰহ নকৰে কোনোধৰণৰ দান-বৰঙণি।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু কেইবাগৰাকীও সংস্কৃতিৱান যুৱকৰ উদ্যোগত জন্মলাভ কৰা সৃষ্টিয়ে এইবাৰ বসন্ত উৎসৱ আয়োজন নকৰিলে যদিও বসন্ত উৎসৱৰ লগত সংগতি ৰাখি প্ৰদান কৰা কলংপৰীয়া শিল্পী বঁটা আগবঢ়ালে লোক-বাদ্যৰ সাধক বিষ্ণু তামূলীক।
আনহাতে, বিহু উদযাপনৰ বাবে সাঁচি ৰখা ধনৰে ১০০গৰাকী শিল্পীক প্ৰদান কৰা হ'ল সাহায্য সামগ্ৰী। এই অনুষ্ঠানতে ১০০গৰাকী শিল্পীয়ে সামাজিক ব্যৱধান ৰাখি পৰিৱেশন কৰিলে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে...’। অনুষ্ঠানত বঁটা গ্ৰহণ কৰি বিশিষ্ট শিল্পী বিষ্ণু তামূলীয়ে কয় যে মানৱতাৰ এই সংকটকালত আমি সকলোৱে একলগ হৈ এই অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজ দিব লাগিব।
অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যোক্তা ৰূপক শৰ্মাই কয় যে যিসকল শিল্পীয়ে বিহুমঞ্চত অনুষ্ঠান পৰিৱেশন কৰে এইবেলি তেঁওলোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। সেয়ে সৃষ্টিৰ তৰফৰ পৰা শিল্পীসকলক সামান্য সকাহ দিবলৈকে এই প্ৰয়াস কৰা হৈছে। নগাঁও চৰকাৰী বালিকা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|