এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে হ’ব ১০০ শতাংশ বিনামূলীয়া নামভৰ্তি

News18 Assam | News18-Assam
Updated:June 7, 2020, 6:09 PM IST
এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে হ’ব ১০০ শতাংশ বিনামূলীয়া নামভৰ্তি
Source-Google

কেৱল বিপিএল বুলি নহয়, সকলো ছাত্ৰ-ছাত্ৰীয়েই লাভ কৰিব এই সুবিধা।

  • Share this:
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ৰাজ্যৰ শিক্ষা বিভাগৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই জনতা ভৱনত সম্বোধন কৰে সংবাদমেলৰ। এইবাৰ প্ৰাদেশীকৃত মহাবিদ্যালয়ত ১০০ শতাংশ বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। আগতে কেৱল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল এই সুবিধা। কিন্তু কোৰোণা ভাইৰাছৰ ফলত ৰাইজৰ হোৱা আৰ্থিক ক্ষতিৰ বাবে বিপিএল, এপিএলৰ ছাত্ৰ-ছাত্ৰী সকলোৱে লাভ কৰিব এই সুবিধা।

অসমৰ প্ৰতিখন প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে এই সুবিধাই সামৰি ল’ব। আনকি চিকিত্‍সা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, এগ্ৰিকালছাৰ মহাবিদ্যালয় সকলো শিক্ষানুষ্ঠানতে নামভৰ্তি হ’ব সম্পূৰ্ণ বিনামূলীয়া। আৰু যদিহে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই নামভৰ্তি সময়ত বিভিন্ন অজুহাত দেখুৱাই মাছুল ল’ব বিচাৰে, তেন্তে নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব ৰাজ্য চৰকাৰে।
First published: June 7, 2020, 6:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading