মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Electricity Bill : ২৪ ঘণ্টাই বিজুলি লাগে যদি ১০০% বিল দিয়ক। যিমান দিব বিল সিমানহে পাব বিজুলি, শক্তি মন্ত্ৰীৰ নতুন ফৰ্মূলা।

Electricity Bill : ২৪ ঘণ্টাই বিজুলি লাগে যদি ১০০% বিল দিয়ক। যিমান দিব বিল সিমানহে পাব বিজুলি, শক্তি মন্ত্ৰীৰ নতুন ফৰ্মূলা।

News18 Assam | News18-Assam
Updated:July 3, 2021, 11:32 AM IST
Electricity Bill : ২৪ ঘণ্টাই বিজুলি লাগে যদি ১০০% বিল দিয়ক। যিমান দিব বিল সিমানহে পাব বিজুলি, শক্তি মন্ত্ৰীৰ নতুন ফৰ্মূলা।
কালিৰ দিনটোলৈ অসমত ৪৭% লোকে বিল আদায় দিছে, গতিকে ৪৭% বিদ্যুৎহে লাভ কৰিব ৰাইজে।

কালিৰ দিনটোলৈ অসমত ৪৭% লোকে বিল আদায় দিছে, গতিকে ৪৭% বিদ্যুৎহে লাভ কৰিব ৰাইজে।

  • Share this:
গুৱাহাটীৰ দীঘলীপুখুৰীত মাছ ধৰিবলৈ গৈ আজি পুনৰ ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলক বিল (Electricity Bill) পৰিশোধৰ কথা সোঁৱৰাই দিলে শক্তি মন্ত্ৰী বিমল বৰা (Power Minister Bimal Bora)ই। বিল পৰিশোধৰ কথা সোঁৱৰাই দি মন্ত্ৰী বিমল বৰাই কয় যে  ২৪ ঘণ্টাই বিজুলি (24 Hour Electricity) যোগান পাবলৈ হ'লে গ্ৰাহকসকলে ১০০% বিল পৰিশোধ কৰিব লাগিব। যিমান বিল পৰিশোধ কৰিব সিমানহে ৰাইজে সিমানহে বিদ্যুৎ যোগান লাভ কৰিব বুলি কয় মন্ত্ৰী বিমল বৰাই।

তেওঁ আৰু কয়, "কালিৰ দিনটোলৈ অসমত ৪৭% লোকে বিল আদায় দিছে, গতিকে ৪৭% বিদ্যুৎহে লাভ কৰিব ৰাইজে।" তেওঁ লগতে কয় যে চৰকাৰী বহু বিভাগে এতিয়াও বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ বাকী আছে। "এই চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে মানসিকতা সলনি কৰিলেহে বিদ্যুৎ বিভাগৰ পৰিৱৰ্তন হ'ব" বুলিও মন্ত্ৰী বিমল বৰাই মন্তব্য কৰে।

অসমত বিদ্যুৎ বিভাগক লৈ প্ৰচুৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি সকলোকে সময়মতে বিদ্যুৎ বিল আদায় দিবলৈ তেওঁ আহ্বান জনায়। উল্লেখ্য যে জুন মাহত ৫০১ কোটি টকা বিদ্যুৎ বিল সংগ্ৰহ কৰি একপ্ৰকাৰ বিভাগে অভিলেখেই ৰচিছে। অহা মাহত বিদ্যুৎ বিভাগ আৰু অধিক লাভাম্বিত হ'ব বুলি মন্তব্য মন্ত্ৰী বিমল বৰাৰ।
Published by: Manjumoni Borah
First published: July 3, 2021, 11:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি