চাওঁতে চাওঁতে ১০০দিন হ'ল বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ৷ ১০ মে'ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰৰ কেবিনেটে ৷ পিছে এই ১০০ দিনত ৰাজ্যবাসীৰ আশা–আকাংক্ষাক কিমান বাস্তৱায়িত কৰিলে চৰকাৰখনে? কি কয় শাসক পক্ষই, কি কয় বিৰোধীয়ে? ২০১৬ত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি মিত্ৰজোঁটে দিছপুৰৰ মচনদ দখল কৰাৰ পিছত ২০২১ৰ নিৰ্বাচনতো সফলতা অৰ্জন কৰি দিছপুৰৰ গাদীত দ্বিতীয়বাৰলৈ বহিল বিজেপি মিত্ৰজোঁট ৷
চৰকাৰ গঠন কৰিলে বিজেপি মিত্ৰজোঁটে ৷ ১০ মে'ত উত্তৰ–পূবৰ সকলো মুখ্যমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে বিজেপি, অগপ, ইউপিপিএলৰ ১২গৰাকী বিধায়কে ৷ শপত লোৱাৰ পিছত বৰ্তমান সময়লৈকে চৰকাৰখনে পাৰ কৰিলে এশটা দিন ৷ কেবিনেট মন্ত্ৰী বিমল বৰাৰ মতে, সফল ৰাজ্য চৰকাৰ ৷
প্ৰত্যেক বুধবাৰে বহা কেবিনেট মিটিঙত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তক অগ্ৰাধিকাৰ দি বিমল বৰাই ক'লে, 'বিভিন্ন নতুন আঁচনি গ্ৰহণ, আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে স্থিৰ কৰা লক্ষ্য তথা সমাজৰ আটাইতকৈ পিছ পৰি থকা শেষৰ ব্যক্তিজনক স্পৰ্শ কৰাৰ বাবে টুৱেণ্টি ফ'ৰ ইণ্টু ছেভেন কাম কৰাৰ বাবে উদ্যোগ লোৱা মুখ্যমন্ত্ৰীৰ কামে কম দিনতে চৰকাৰখনক ৰাইজৰ মাজলৈ নিয়াত সফল হৈছে ৷'
মন্ত্ৰী বিমল বৰাই লগতে ক'লে, চৰকাৰ সফল ৰাষ্ট্ৰৰ হিতে লোৱা কঠোৰ সিদ্ধান্তত ৷ মন্ত্ৰী বিমল বৰাৰ সুৰতে সুৰ মিলাই নৱনিযুক্ত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইৰ দাবী– ১০০দিনীয়া চৰকাৰ সকলো দিশতে সফল ৷ বিশেষকৈ পুলক গোহাঁইৰ মতে, "অভিভাৱক মন্ত্ৰীৰ নিয়োগে সকলো স্তৰৰ ব্যক্তিক চুই যোৱাত হৈছে সফল৷"
বিজেপিৰ এই দাবীৰ বিপৰীতে সামাজিক মাধ্যমত কিন্তু মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা বুলি চৰ্চা অব্যাহত হৈ আছে ১০০দিনীয়া চৰকাৰখনৰ বিৰুদ্ধে ৷ ইয়াৰ মাজতে বিৰোধী বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ দাবী অসফল ১০০দিনীয়া চৰকাৰখন ৷ 'মন্ত্ৰীয়ে লোৱা সিদ্ধান্ত ক্ষন্তেকতে সলনি কৰে মুখ্যমন্ত্ৰীয়ে।' —কৰিমুদ্দিন বৰভূঞাই কয়।
সময় অৱশ্যে হোৱা নাই চৰকাৰ এখনৰ সফলতা বিফলতা বিচাৰৰ ৷ কিন্তু এষাৰ কথা ঠিক যি মূলা বাঢ়ে তাৰ দুপাততে চিন ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|