মুখ্যপৃষ্ঠা » খবৰ

» অসম

»100 Days of Himanta Biswa Sarma Government: দশম শ্ৰেণীলৈকে ভূগোল-বুৰঞ্জী পঢ়া বাধ্যতামূলক, প্ৰতিখন হাইস্কুলক উন্নীত কৰা হ'ব হায়াৰ ছেকেণ্ডেৰী স্কুললৈ

100 Days of Himanta Biswa Sarma Government: দশম শ্ৰেণীলৈকে ভূগোল-বুৰঞ্জী পঢ়া বাধ্যতামূলক, প্ৰতিখন হাইস্কুলক উন্নীত কৰা হ'ব হায়াৰ ছেকেণ্ডেৰী স্কুললৈ

News18 Assam | News18-Assam
Updated:August 20, 2021, 1:19 PM IST
100 Days of Himanta Biswa Sarma Government: দশম শ্ৰেণীলৈকে ভূগোল-বুৰঞ্জী পঢ়া বাধ্যতামূলক, প্ৰতিখন হাইস্কুলক উন্নীত কৰা হ'ব হায়াৰ ছেকেণ্ডেৰী স্কুললৈ
আজি ১০০ দিন সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে।

আজি ১০০ দিন সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে।

  • Share this:
আজি ১০০ দিন সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে। আজিৰ দিনটোতে অনুষ্ঠিত হয় কেবিনেট বৈঠক। আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি বহু গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰে।

ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে। অহা বছৰৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি প্ৰতিখন জুনিয়ৰ কলেজত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰিব লাগিব বুলিও জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ বাবে প্ৰয়োজনত বিদ্যালয় একত্ৰিকৰণ কৰা বা অন্যান্য প্ৰয়োজনীয় সকলো ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। সেইদৰে একেত্ৰিকৰণ কৰা হব ছেবা আৰু হায়াৰ ছেকেণ্ডেৰী কাউঞ্চিত।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২৩ চনৰ ভিতৰত প্ৰৱৰ্তন কৰিব ৰাজ্য চৰকাৰে। আনহাতে দশম শ্ৰেণীলৈকে ৰাজ্যৰ সকলো বিদ্যালয়তে বাধ্যতামূলক হ'ব ভূগোল আৰু বুৰঞ্জী বিষয়।
Published by: Himangshu Bhuyan
First published: August 20, 2021, 1:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি