নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰীয় চৰকাৰৰ ১০০ কোটি

এই বৃহৎ সংখ্যক টকাৰে সাৰ কাৰখানাটোত নতুনত্বৰ সমাহাৰ ঘটাই পুনৰজীৱিত কৰি অধিক কাৰ্যক্ষম কৰি তুলিব বুলি ৰাজ্যিক বিজেপিয়ৰ জানিবলৈ দিয়ে।
এই বৃহৎ সংখ্যক টকাৰে সাৰ কাৰখানাটোত নতুনত্বৰ সমাহাৰ ঘটাই পুনৰজীৱিত কৰি অধিক কাৰ্যক্ষম কৰি তুলিব বুলি ৰাজ্যিক বিজেপিয়ৰ জানিবলৈ দিয়ে।
- News18 Assam
- Last Updated: September 10, 2020, 12:57 PM IST
এই বৃহৎ সংখ্যক টকাৰে সাৰ কাৰখানাটোত নতুনত্বৰ সমাহাৰ ঘটাই পুনৰজীৱিত কৰি অধিক কাৰ্যক্ষম কৰি তুলিব বুলি ৰাজ্যিক বিজেপিয়ৰ জানিবলৈ দিয়ে। এক প্ৰেছ বিবৃতি যোগে বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই কয় যে, ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে NRL শোধনাগাৰ বাবে ৩০০০ কোটি টকাৰ আবণ্টন দিছিল, আকৌ এতিয়া পুনৰ নামৰূপ সাৰ কাৰখানাৰ বাবে ১০০ কোটি টকা আবণ্টন দিয়া কাৰ্যই প্ৰমাণিত কৰে যে, অসম সদায়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেনেহৰ আৰু অসমক সদায় এক বিশেষ দৃষ্টিৰে চাই।
বিগত প্ৰায় দুমাহ ধৰি চৰ্চাত থকা গহপুৰ-নুমলীগড সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া সুৰংগ পথত কেন্দ্ৰীয় চৰকাৰে শেষ অনুমতি দিয়া কাৰ্যক আদৰণি জনাই মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই কয় যে বিজেপি দলে সদায় দেশৰ সাৰ্বভৌমত্ব ৰক্ষা, দেশৰ ভৱিষ্যত উন্নতিৰ হকে কাম কৰি যাব। ইয়াৰ উদাহৰণস্বৰূপে নিৰ্মাণ হ’বলগীয়া সুৰংগ পথৰ কথা উনুকিয়াই কয় যে, ভৱিষ্যতে ভাৰত-চীনৰ যুদ্ধ হ’লে এই সুৰংগ পথে ভাৰতীয় সেনাৰ সহায়কাৰী হিচাপে কাম কৰিব। সেনাৰ সহায়ক হোৱাকৈ বহু গধুৰ যুদ্ধ সামগ্ৰী এই সুৰংগইদি কঢ়িয়াই নিব পাৰিব আৰু এই সুৰংগক চীনে বোমা, মিছাইলৰ দ্বাৰাও ধ্বংস কৰিব নোৱাৰিব। বিজেপি চৰকাৰে এই কাম দেশৰ ভবিষ্যতৰ কথা চিন্তা কৰিহে হাতত লৈছে।