মুখ্যপৃষ্ঠা »খবৰ »অসম »নিজৰ জন্মদিনৰ দিনা নিজে লিখা পুথি উন্মোচন কৰালে কণমানি জিকমিকে

নিজৰ জন্মদিনৰ দিনা নিজে লিখা পুথি উন্মোচন কৰালে কণমানি জিকমিকে

নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি, অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে গ্ৰন্থখন উন্মোচন কৰি কণমানিৰ সপোন পূৰায়

  • Share this:

জন্মদিন বুলি ক'লে উদযাপন আৰু উপহাৰৰ সমাহাৰৰ কথা মনলৈ আহে। কিন্তু কিছু ব্যতিক্ৰমি ৰূপতো এই জন্মদিন পালন কৰিব পাৰি। তাৰেই এক উদাহৰণ দাঙি ধৰিলে  নাজিৰা এগৰাকী কণমানি ছাত্ৰী সুগন্ধি উৰুলিয়ে।

ঘৰত মৰমতে তেওঁক জিকমিক বুলি মাতে ৷ জিকমিক দিল্লী পাব্লিক স্কুল, নাজিৰাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। আজি জিকমিকৰ দহ বছৰীয়া জন্ম দিন। জন্মদিনটোতে জিকমিকে নিজে লিখি উলিওৱা "চিক্কি,পিল্লু আৰু মই"নামৰ এখন শিশু উপন্যাস উন্মোচন কৰা হয়।

জিকমিকৰ মাতৃ অসমী গগৈও এগৰাকী সাহিত্যিক ৷ মাকে কিতাপ লিখা দেখি তেৱোঁ অনুপ্ৰাণিত হৈ নিজে লিখা এখন কিতাপ প্ৰকাশ কৰাৰ কথা ভাবি মাকক কয় ৷ আৰু সেই মতেই জিকমিকে লিখিবলৈ আৰম্ভ কৰে এখনি গ্ৰন্থ। আৰু সেই গ্ৰন্থখনে জন্মদিনৰ দিনা  আনুষ্ঠানিকভাৱে আজি উন্মোচন কৰা হয়৷ নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি, অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে এই গ্ৰন্থখন উন্মোচন কৰি জিকমিকৰ সপোন পূৰায়।

শেহতীয়া বাতৰি