• Home
  • »
  • News
  • »
  • assam
  • »
  • অক্টোবৰ মাহৰ পৰা গুৱাহাটীৰ ৰাজপথত বিলাসী মাৰ্ছিডিজ, শীঘ্ৰে ১০ হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰা হ’ব বিশেষ বাহন

অক্টোবৰ মাহৰ পৰা গুৱাহাটীৰ ৰাজপথত বিলাসী মাৰ্ছিডিজ, শীঘ্ৰে ১০ হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰা হ’ব বিশেষ বাহন

বুধবাৰে অসম প্ৰশাসনিক প্ৰদাধিকাৰ মহাবিদ্যালয়ত শুভাৰম্ভণি কৰা হয় মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ

বুধবাৰে অসম প্ৰশাসনিক প্ৰদাধিকাৰ মহাবিদ্যালয়ত শুভাৰম্ভণি কৰা হয় মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ

বুধবাৰে অসম প্ৰশাসনিক প্ৰদাধিকাৰ মহাবিদ্যালয়ত শুভাৰম্ভণি কৰা হয় মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ

  • Share this:
ভলভ’ বাছৰ পিছত গুৱাহাটী মহানগৰীৰ ৰাজপথত অক্টোবৰ মাহৰ পৰা চলিব অতি ব্যয়বহুল মাৰ্ছিডিজ বাছ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত বহিঃ ৰাজ্যৰ পৰা অহা যাত্ৰী সকলৰ সুবিধাৰ বাবে কৰা হ’ব এই ব্যৱস্থা। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ পৰা চলিব ২০ খনকৈ মাৰ্ছিডিজ বাছ। অক্টোবৰ মাহত ইয়াৰে গুৱাহাটীৰ লোকপ্ৰিয় বিমানবন্দৰলৈ চলিব দহখনকৈ বাছ। আৰু আন দহখন বাছ চলিব গুৱাহাটীৰ পৰা শ্বিলঙলৈ। মুখ্যমন্ত্ৰী সোণোৱালে অক্টোবৰ মাহত মুকলি কৰিব বাছ কেইখন।

ইয়াৰোপৰি, বুধবাৰে অসম প্ৰশাসনিক প্ৰদাধিকাৰ মহাবিদ্যালয়ত শুভাৰম্ভণি কৰা হয় মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পাৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত মুকলি কৰা হয় এই আঁচনিৰ। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ২৬,০০০ গাঁৱৰ ১০ হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰা হ’ব লঘূ যান-বাহন। এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীক বাহনৰ বিনিময়ত প্ৰদান কৰা হ’ব ২৫ শতাংশ ৰাজসাহায্য। ইতিমধ্যে ২,০০০ খন বাছৰ বুকিং সম্পূৰ্ণ কৰাৰ কথা প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
Published by:Himangshu Bhuyan
First published: