অপৰাধ মহানগৰীত পৰিণত হোৱা গুৱাহাটীত মহানগৰ আৰক্ষীয়ে দহখন চুৰি মটৰচাইকেল উদ্ধাৰ। যোৱানিশা চলা আৰক্ষীৰ এক অভিযানত মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হয় এই চুৰি মটৰচাইকেল।
নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযান অব্যাহত আছে এতিয়াও। আৰু অধিক চুৰি বাহন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে এই অভিযানত। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মটৰচাইকেল উদ্ধাৰৰ লগতে এনে ঘটনাৰে জড়িত চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰকৰ কৰা হৈছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।