নগাঁও আৰু মৰিগাঁও জিলাৰ বহু সংখ্যালঘূ অধ্যুষিত অঞ্চলৰ যুৱকৰ সৈতে পাকিস্তানৰ দুষ্ট চক্ৰৰ অশুভ মিতিৰালিৰ তথ্যই চিন্তিত কৰি তুলিছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ক। ভাৰতীয় তদন্তকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত নগাঁও আৰু মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে আটক কৰিছে ১০জন লোকক।
ইয়াৰে নগাঁও আৰক্ষীয়ে ধিং আৰু বটদ্ৰৱাত অভিযান চলাই ৱাহিদুজ জামান, বাহাৰুল ইছলাম, আছিকুল ইছলাম, মিৰ্জানুৰ ৰহমান আৰু বদৰুদ্দিন নামৰ ৫জন লোকক আটক কৰাৰ কথা আৰক্ষী সূত্ৰৰ তৰফৰ পৰা জনাইছে।
পাকিস্তানৰ জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আটাইকেইজনকে নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে। নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু কেইবাগৰাকীও আৰক্ষী পৰিদৰ্শকৰ নেতৃত্নত নগাঁও আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই ১০জন লোকক আটক কৰাৰ লগতে ১৩৬খন ছিম কাৰ্ড আৰু ১৮মোবাইল ফোন উদ্ধাৰ কৰিছে।
অসমৰ পৰা ই-ছিম যোগান ধৰাৰ লগতে ম’বাইলৰ অ’টিপি প্ৰেৰণ কৰাৰ তথ্যও পাইছে নগাঁও আৰক্ষীয়ে। সমান্তৰালভাৱে মৰিগাঁও আৰক্ষীয়েও মৈৰাবাৰীত অভিযান চলাই কেইবাজনো যুৱকক আটক কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 08, 2023, 08:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।