உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বোকাখাতত কোৱাৰেণ্টাইনত থকা ১০জনৰ দেহত কোভিড–১৯ পজিটিভ, কণ্টেইনমেণ্ট জ'ন ঘোষণা

    বোকাখাতত কোৱাৰেণ্টাইনত থকা ১০জনৰ দেহত কোভিড–১৯ পজিটিভ, কণ্টেইনমেণ্ট জ'ন ঘোষণা

    কলিকতাৰ পৰা অহা কুৰুৱাবাহীৰ এগৰাকী যুৱতীৰ দেহতো ধৰা পৰে কোভিড–১৯।

    কলিকতাৰ পৰা অহা কুৰুৱাবাহীৰ এগৰাকী যুৱতীৰ দেহতো ধৰা পৰে কোভিড–১৯।

    কলিকতাৰ পৰা অহা কুৰুৱাবাহীৰ এগৰাকী যুৱতীৰ দেহতো ধৰা পৰে কোভিড–১৯।

    • Share this:
    বোকাখাতত হোম কোৱাৰেণ্টাইন আৰু কমিউনিটী কেন্দ্ৰত থকা ১০জন লোকৰ দেহত ধৰা পৰিছে কভিড–১৯। বোকাখাত মহকুমা প্ৰশাসনে কোৱাৰেণ্টাইন কেন্দ্ৰত ৭ৰ পৰা ১৪ দিন কোৱাৰেণ্টাইন কৰি ৰখাৰ পিছত বোকাখাতৰ ভিন্ন প্ৰান্তৰ লোকসকলক গাঁৱৰ কমিউনিটী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ পঠিয়ায়। কমিউনিটী কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ সময়তে  ধনশিৰি টেমেৰাৰ ৫জন, গোলোং টেমেৰাৰ ২জন, ওপৰ টেমেৰাৰ এজন, আমটেঙাৰ এজন আৰু কলাখোৱাৰ এজনৰ দেহত ধৰা পৰে কোভিড–১৯ৰ অৱস্থিতি।

    ইয়াৰ লগতে কলিকতাৰ পৰা অহা কুৰুৱাবাহীৰ এগৰাকী যুৱতীৰ দেহতো ধৰা পৰে কোভিড–১৯। যুৱতীগৰাকী ২ জুনৰ পৰা নিজৰ কুৰুৱাবাহী তিনিআলিৰ বাসগৃহত হোম কোৱাৰেণ্টাইন হৈ আছিল। যুৱতীগৰাকী হোম কোৱাৰেণ্টাইন হৈ থকাৰ পিছতো পৰিয়ালৰ লোকসকলে অঞ্চলটোত সঘনাই ঘূৰি ফুৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

    যুৱতীগৰাকীৰ দেহত কোভিড–১৯ ধৰা পৰাৰ খবৰ বিয়পি পৰাৰ পিছতে কুৰুৱাবাহী অঞ্চলৰ লোকৰ মাজত আতংকই বিৰাজ কিছে। ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত যুৱতীগৰাকীক যোৰহাটলৈ প্ৰেৰণ কৰিছে আৰু পিতৃ-মাতৃসহ পৰিয়ালৰ ৪জনক কহঁৰাৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে৷ মহকুমা প্ৰশাসনে অঞ্চলটোক কেণ্টেইনমেণ্ট জ’ন হিছাপে ঘোষণা কৰিছে। লগতে বোকাখাতৰ কমিউনিটী কোৱাৰেণ্টাইনত ধৰা পৰা লোকসকলকো যোৰহাটলৈ প্ৰেৰণ কৰে।
    First published: