পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ মুকলি আহ্বান ১০ জনগোষ্ঠীয় সংগঠনৰ

News18 Assam | News18-Assam
Updated:February 12, 2020, 2:46 PM IST
পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ মুকলি আহ্বান ১০ জনগোষ্ঠীয় সংগঠনৰ
‘প্ৰথমে আৰম্ভ হওক আলোচনা৷ প্ৰয়োজনত আলফাই কিয় স্বাধীন অসম বিচাৰিছে সেই যুক্তিও শুনক ভাৰত চৰকাৰে৷’

‘প্ৰথমে আৰম্ভ হওক আলোচনা৷ প্ৰয়োজনত আলফাই কিয় স্বাধীন অসম বিচাৰিছে সেই যুক্তিও শুনক ভাৰত চৰকাৰে৷’

  • Share this:
এইবাৰ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনালে ১০ জনগোষ্ঠীয় সংগঠনে। সংগঠনকেইটাৰ নেতৃত্বই কয় যে আলফাৰ সৈতে আলোচনাৰ ক্ষেত্ৰত ভাৰত চৰকাৰেও  ৰাখিব নালাগে কোনো চৰ্ত৷ প্ৰথমে আৰম্ভ হওক আলোচনা৷ প্ৰয়োজনত আলফাই কিয় স্বাধীন অসম বিচাৰিছে সেই যুক্তিও শুনক ভাৰত চৰকাৰে৷ কিন্তু কোনো কাৰণতে দুই পক্ষ আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিব নালাগে।

১০ জনগোষ্ঠীয় দল–সংগঠনৰ ভিতৰত আছে মটক ছাত্ৰ সন্থা, ডিমাছা ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম গৰিয়া মৰীয়া দেশী জাতি পৰিষদ আদি।

BTRৰ জড়িয়তে বড়োসকলৰ সমস্যা সমাধানৰ সমান্তৰালকৈ অসমৰ স্থায়ী শান্তিৰ স্বাৰ্থত পৰেশ বৰুৱা আলোচনালৈ অহাটো প্ৰয়োজন বুলি দাবী কৰে সংগঠনকেইটাই৷ অৱশ্যে ১০ সংগঠনৰ আহ্বানৰ সমান্তৰালকৈ আলফাৰ আলোচনা পন্থী নেতা মৃণাল হাজৰিকাৰ দাবী, ৰক্তাক্ত পৰিৱেশ নিবিচাৰে অসমবাসীয়ে৷ যদিওৱা স্বাধীন অসম আৰু সাৰ্বভৌমত্বৰ দাবী আমি কেতিয়াও পৰিহাৰ নকৰো৷ আলোচনাৰ মেজত এই বিষয়টো উত্থাপন কৰিম বুলি মন্তব্য মৃণাল হাজৰিকাৰ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি