জখলাবন্ধাত আটক ইৰাণী গোটৰ ১০ সদস্য

জখলাবন্ধাত থিতাপি লোৱা আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গোটৰ সদস্যক আটক কৰে আৰক্ষীয়ে। দীৰ্ঘ দিন ধৰি ' বান্দৰ কেকোৰা ' ব্যৱহাৰ কৰি অব্যাহত ৰাখিছিল ডকাইতি।

news18assam
Updated:June 1, 2019, 9:10 AM IST
জখলাবন্ধাত আটক ইৰাণী গোটৰ ১০ সদস্য
জখলাবন্ধাত থিতাপি লোৱা আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গোটৰ সদস্যক আটক কৰে আৰক্ষীয়ে। দীৰ্ঘ দিন ধৰি ' বান্দৰ কেকোৰা ' ব্যৱহাৰ কৰি অব্যাহত ৰাখিছিল ডকাইতি।
news18assam
Updated: June 1, 2019, 9:10 AM IST
শুক্ৰবাৰে নিশা জখলাবন্ধাত থিতাপি লোৱা আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গোটৰ সদস্যক আটক কৰে আৰক্ষীয়ে।মহানগৰ আৰক্ষী আৰু কলিয়াবৰৰ মহকুমা আৰক্ষীৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ যৌথ অভিযানত নিশা জখলাবন্ধাৰ পৰা আটক কৰে গেংটোক। জখলাবন্ধাৰ বিভিন্ন স্থানত বিহাৰ আৰু পশ্চিম বংগৰ পৰা আহি থিতাপি লৈ নগাওঁ ,শোণিতপুৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি ' বান্দৰ কেকোৰা ' ব্যৱহাৰ কৰি অব্যাহত ৰাখিছিল ডকাইতি। ধৃত ১০ সদস্যৰ ঘৰ বিহাৰ আৰু পশ্চিমবংগত বুলি ইতিমধ্যে জানিব পৰা গৈছে।



পশ্চিম-বংগ আৰু বিহাৰৰ পৰা অহা এই দলটোৱে গুৱাহাটী ,তেজপুৰ ,নগাঁও ,ৰঙিয়া আদি ঠাইত সন্ত্ৰাস চলাইছিল।দীৰ্ঘদিন ধৰি আৰক্ষীয়ে অভিযান চলাই অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ইৰাণী গোটৰ গেংটোক। বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ।লগতে দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু আপত্তিজনক সামগ্ৰীৰ লগতে নথি পত্ৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি