মহানগৰীৰ পাণ্ডুত পুৱাই অঘটন। বৃহস্পতিবাৰে পুৱা পাণ্ডু ৪নং কলনীত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১০টাতকৈ অধিক ঘৰ ভস্মীভূত হোৱাৰ লগতে ব্যাপক ক্ষতিৰ সন্মুখীন হয় পৰিয়ালসমূহ। জানিব পৰা মতে, অগ্নিকাণ্ডত ৪টাকৈ চিলিণ্ডাৰৰো বিস্ফোৰণ হয়।
ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী দলে তত্পৰতাৰে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। ইফালে কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই।