জুৱাৰ আড্ডাত শিক্ষক, কংগ্ৰেছ–বিজেপিৰ নেতা, সোণাৰিত ১০ জুৱাৰীক আটক

News18-Assam
Updated:November 17, 2019, 3:41 PM IST
জুৱাৰ আড্ডাত শিক্ষক, কংগ্ৰেছ–বিজেপিৰ নেতা, সোণাৰিত ১০ জুৱাৰীক আটক
অসম-নগালেণ্ড সীমান্তৰ টাওকাক অঞ্চলৰ পৰা আটক কৰা জুৱাৰী কেইটাৰ বিৰুদ্ধে ইতিমধ্যে নামতোলা আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে।

অসম-নগালেণ্ড সীমান্তৰ টাওকাক অঞ্চলৰ পৰা আটক কৰা জুৱাৰী কেইটাৰ বিৰুদ্ধে ইতিমধ্যে নামতোলা আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে।

  • Share this:
সোণাৰিত চৰাইদেউ আৰক্ষীয়ে আটক কৰিলে দহ জুৱাৰী। ১৬ নৱেম্বৰৰ নিশা চৰাইদেউ মহকুমা আৰক্ষী বিষয়া ত্ৰিদীপ কুম্বাং আৰু সোণাৰি থানাৰ উপ–পৰিদৰ্শক সুমন সাহাৰ নেতৃত্বত চলা এক অভিযানত আটক কৰা হয় জুৱাৰী কেইটাক। জুৱাৰীৰ দলটোত আছে শিক্ষক, কংগ্ৰেছ, বিজেপি নেতাৰ লগতে শিল্পীও।

অসম-নগালেণ্ড সীমান্তৰ টাওকাক অঞ্চলৰ পৰা আটক কৰা জুৱাৰী কেইটাৰ বিৰুদ্ধে ইতিমধ্যে নামতোলা আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে। আটকাধীন জুৱাৰী কেইটাৰ পৰা নগদ ৩৭,৩৮০ টকা, দহটা ম’বাইল, ছয়খন ডাইচৰ লগতে জুৱাত ব্যৱহৃত সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি