ডিমৌৰ থাওৰাদলত ভয়ংকৰ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত নিহত ৯জন

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ ভিতৰত কেইবাজনো যাত্ৰী আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

News18-Assam
Updated:September 23, 2019, 10:57 AM IST
ডিমৌৰ থাওৰাদলত ভয়ংকৰ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত নিহত ৯জন
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ ভিতৰত কেইবাজনো যাত্ৰী আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।
News18-Assam
Updated: September 23, 2019, 10:57 AM IST
ডিমৌ থাওৰাদলত ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু। যাত্ৰীবাহী বাছ আৰু ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আহত হৈছে আন কেইবাজনো লোক। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ ভিতৰত কেইবাজনো যাত্ৰী আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। পুৱা ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

আহতসকলক ডিমৌ আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ আহি আছিল ট্ৰেভেলাৰখন। আনহাতে, গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ গৈ আছিল যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাৰ পিছতে বাছখনৰ চালকে পলায়ন কৰে ঘটনাস্থলীৰ পৰা।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি