உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা, বেংক ডকাইতি কাণ্ডৰে জড়িত ১০ ডকাইতক গ্ৰেপ্তাৰ

    নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা, বেংক ডকাইতি কাণ্ডৰে জড়িত ১০ ডকাইতক গ্ৰেপ্তাৰ

    যোৱা ২০ নৱেম্বৰত নলবাৰীৰ অমায়াপুৰৰ পঞ্জাব নেচনেল বেংকত সংঘটিত হৈছিল দিন ডকাইতিৰ ঘটনা৷

    যোৱা ২০ নৱেম্বৰত নলবাৰীৰ অমায়াপুৰৰ পঞ্জাব নেচনেল বেংকত সংঘটিত হৈছিল দিন ডকাইতিৰ ঘটনা৷

    যোৱা ২০ নৱেম্বৰত নলবাৰীৰ অমায়াপুৰৰ পঞ্জাব নেচনেল বেংকত সংঘটিত হৈছিল দিন ডকাইতিৰ ঘটনা৷

    • Share this:
    নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা। আটক হ’ল বেংক ডকাইতিৰ সৈতে জড়িত ১০ ডকাইত। উদ্ধাৰ হ’ল চাৰিচকীয়া বাহন, দুচকীয়া বাহন, পিষ্টল, সজীৱ গুলি, মোবাইল, নগদ ধনকে ধৰি সোণৰ অলংকাৰ৷

    যোৱা ২০ নৱেম্বৰত নলবাৰীৰ অমায়াপুৰৰ পঞ্জাব নেচনেল বেংকত সংঘটিত হৈছিল দিন ডকাইতিৰ ঘটনা৷ অৱশেষত নলবাৰীৰ উপ–আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে অসমৰ ভিন্ন স্থানৰ পৰা যোৱা কিছুদিনত ১০টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

    ইতিমধ্যেই উক্ত ডকাইতকেইটাক অসমৰ বিভিন্ন ডকাইতি কাণ্ডৰ লগত জড়িত হোৱাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ ধৃত ডকাইতকেইটা হ’ল কামৰূপৰ ফাইজুল হক, নিৰ্মল দাস, চায়েদ আলী, ৰুমী পাটোৱাৰী আৰু আইতুল্লাহ আলী,নলবাৰী মুকালমুৱাৰ কৰণ আলী, বাদশ্বাহ আলী, ৰমজান আলী, ওদালগুৰিৰ বাসুদেৱ ব্ৰহ্ম আৰু কিনাৰাম বসুমতাৰী৷

    অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইতকেইটাৰ পৰা দুটা পিষ্টল, নগদ ২ লাখ টকা, ৮ জাই সজীৱ গুলী, ৮টা মোবাইল ফোনৰ লগতে সোণৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ বৰ্তমান নলবাৰী সদৰ আৰক্ষী থানাত আটাইকে জেৰা অব্যাহত ৰাখিছে৷
    Published by:Sanjay Kumar Das
    First published: