দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা হৰি বিনোদ বাৰ্মালৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এক লাখ টকাৰ সাহায্য

কিছুদিনৰ আগতে News18 অসমকে ধৰি বহুকেইটা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল এইগৰাকী প্ৰবীণ ফটোগ্ৰাফাৰৰ জীৱন সংগ্ৰামৰ কাহিনী।
কিছুদিনৰ আগতে News18 অসমকে ধৰি বহুকেইটা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল এইগৰাকী প্ৰবীণ ফটোগ্ৰাফাৰৰ জীৱন সংগ্ৰামৰ কাহিনী।
- News18 Assam
- Last Updated: June 7, 2020, 10:10 PM IST
মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশমৰ্মে অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তই আজি বিশিষ্ট ফটোগ্ৰাফাৰগৰাকীৰ ঘৰত উপস্থিত হৈ তেখেতক এই সাহায্যৰ ধনৰাশি চেকযোগে প্ৰদান কৰে৷ উল্লেখ্য যে কিছুদিনৰ আগতে News18 অসমকে ধৰি বহুকেইটা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল এইগৰাকী প্ৰবীণ ফটোগ্ৰাফাৰৰ জীৱন সংগ্ৰামৰ কাহিনী। গভীৰ অৰ্থিক সংকটত ভোগা ৰোগাক্ৰান্ত, শয্যাশায়ী 'W’ৰ জীৱনলৈ এই ধনৰাশিয়ে কিছু পৰিমাণে সকাহ দিব।