চাৰি মাহত কাজিৰঙালৈ আহিল ১ লাখ ৪০ হাজাৰ পৰ্যটক

পৰ্যটন ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা নদী পৰ্যটনে পৰ্যটকৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।
পৰ্যটন ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা নদী পৰ্যটনে পৰ্যটকৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।
- News18 Assam
- Last Updated: February 22, 2021, 5:50 PM IST
চাৰিমাহত কাজিৰঙালৈ ভ্ৰমণৰ বাবে আহিল ১৪৩৮৮০ গৰাকী পৰ্যটক৷ ইয়াৰে ২৩৭ গৰাকী বিদেশী পৰ্যটক। এই সময়ছোৱাৰ ভিতৰত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ ২.৬৬ কোটি টকা। কোভিড মহামাৰীৰ ত্ৰাসৰ পাছত উদ্যান কৰ্তৃপক্ষই আশা কৰাতকৈ অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি মত প্ৰকাশ কৰে উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে।
আনহাতে, পৰ্যটন ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা নদী পৰ্যটনে পৰ্যটকৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই। উল্লেখ্যে যে কাজিৰঙাৰ কঁহৰা, বাগৰি, আগৰাতলীৰ সমান্তৰালকৈ ভোমোৰাগুৰিৰ নদী পৰ্যটনত পৰ্যটকে ভিৰ কৰিছে। মন কৰিবলগীয়া যে মূলত বিদেশী পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ এইবাৰ ব্যাপক সঁহাৰি জনাইছে অসম তথা উত্তৰ–পূবৰ পৰ্যটকে। যি নিশ্চয়কৈ এক আশাৰ বতৰা বুলি প্ৰকাশ কৰে উদ্যানৰ ডি চি এফ কে এছ ডেকাৰজাই।