• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১ আহত ৩, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ অভিযোগত ৰাইজৰ পথ অৱৰোধ

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১ আহত ৩, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ অভিযোগত ৰাইজৰ পথ অৱৰোধ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ হেতুকে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাত স্থানীয় ৰাইজে পথ অৱৰোধ কৰে।

  • Share this:
ডিগবৈ গোপেনেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।মাকুমৰ দিশৰ পৰা ডিগবৈ অভিমুখে আহি থকা AS 23 CC 9201 নম্বৰৰ টাটা যোধা বাহনে ডিগবৈ পৰা তিনিচুকীয়া দিশলৈ গৈ থকা AS 01 G 8536 নম্বৰৰ টেংকাৰত সন্মুখৰ দিশৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাৰ ফলত টাটা বাহনখনত থকা তিনিজন লোক গুৰুতৰভাৱে আহত হয় আৰু সংকটজনক অৱস্থাত তিনিচুকীয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইফালে টেংকাৰখনত থকা হেণ্ডিমেনজন ঘটনাস্থলীতে নিহত হয় আৰু চালকজন পলাই যায়।

৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ হেতুকে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাত স্থানীয় ৰাইজে পথ অৱৰোধ কৰে।
Published by:Gautam Barman
First published: