মুখ্যপৃষ্ঠা »খবৰ »অসম »Road Accident in Nagaon : নৱবৰ্ষৰ উৎসাহ-উদ্দীপনাৰ মাজতেই ৰহাৰ জঙালবলহু গড়ত শোকাৱহ দুৰ্ঘটনাত নিহত ১ আহত ১

Road Accident in Nagaon : নৱবৰ্ষৰ উৎসাহ-উদ্দীপনাৰ মাজতেই ৰহাৰ জঙালবলহু গড়ত শোকাৱহ দুৰ্ঘটনাত নিহত ১ আহত ১

নিহত কৰণ হাজৰিকা ৰহা মহাবিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

নিহত কৰণ হাজৰিকা ৰহা মহাবিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

নিহত কৰণ হাজৰিকা ৰহা মহাবিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

  • Share this:

নৱবৰ্ষৰ উৎসাহ-উদ্দীপনাৰ মাজতেই ৰহাৰ জঙালবলহু গড়ত সোমবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা। সোমবাৰে দুপৰীয়া ৰহাৰ জোঙালবলহুত ৩৭নং ৰাষ্ট্ৰীয় পথৰ ওপৰত সংঘটিত হোৱা পথ  দুৰ্ঘটনাত থিতাতে নিহত হয় এজন।


পথৰ ওপৰত ৰৈ থকা AS 01 PC 0136 নম্বৰৰ এখন ট্ৰাকত  গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা AS 02 AA 5022 নম্বৰৰ এখন বুলেটে খুন্দা মৰাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।


দুৰ্ঘটনাত থিতাতে নিহত হয় বাইকৰ চালকজন আৰু আহত হয় তেওঁৰ সৈতে অহা বাইক আৰোহীগৰাকী। পৰৱৰ্তী সময়ত  অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহত মহিলা বাইক আৰোহীগৰাকীক।


নিহত বাইকচালকজন ৰহাৰ কৰণ হাজৰিকা(৩২) বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰভাৱে আহত মহিলাগৰাকী তেওঁৰে পত্নী ৰিয়া কাশ্যপ বুলি চিনাক্ত কৰা হৈছে। নিহত কৰণ হাজৰিকা ৰহা মহাবিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি