বমি-মূৰৰ বিষ, বাগৰি পৰিছে মাটিত! ২৪ ঘণ্টাত হাস্পতালত ভৰ্তি ২৯০ জন, অচিন ৰোগৰ আতংক

News18 Assam | News18-Assam
Updated:December 7, 2020, 8:32 PM IST
বমি-মূৰৰ বিষ, বাগৰি পৰিছে মাটিত! ২৪ ঘণ্টাত হাস্পতালত ভৰ্তি ২৯০ জন, অচিন ৰোগৰ আতংক
মূৰৰ বিষ. শৰীৰ দুৰ্বল, বমি বমি ভাব, হাৰ পিছত হঠাত্‍ বাগৰি পৰিছে মাটিত। নিশাৰ ভিতৰতে এনে লক্ষণে দেখা দিয়ে ২৯০ জনক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ৪৬ গৰাকী শিশু-মহিলা।

মূৰৰ বিষ. শৰীৰ দুৰ্বল, বমি বমি ভাব, হাৰ পিছত হঠাত্‍ বাগৰি পৰিছে মাটিত। নিশাৰ ভিতৰতে এনে লক্ষণে দেখা দিয়ে ২৯০ জনক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ৪৬ গৰাকী শিশু-মহিলা।

  • Share this:
অচিন ৰোগৰ আতংকই কঁপাই তুলিছে অন্ধ্ৰপ্ৰদেশৰ আকাশ-বতাহ। এতিয়ালৈকে চিনাক্ত হোৱা নাই ৰোগ। এই পৰ্যন্ত ভৰ্তি কৰোৱা হৈছে ২৯০ জনক। তাৰে ভিতৰত আছে একাধিক শিশু। মৃত্যু হৈছে মধ্যবয়সীয়া মহিলাৰ। মূলতঃ অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ এলুৰুৰ নৰ্থ ষ্ট্ৰিট, অৰুন্ধতিপেট আৰু অশোকনগৰৰ এলেকাত ঘটিছে এই ভয়ংকৰ ঘটনা। ইতিমধ্যে অসুস্থ হোৱা লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আচলতে কি ঘটিছে?

স্থানীয় লোকে জনাইছে যে, শনিবাৰে একাংশ লোক হঠাত্‍ অসুস্থ হৈ পৰে। মূৰৰ বিষ, শৰীৰ দুৰ্বল, বমি বমি ভাব,আৰু পিছত হঠাত্‍ বাগৰি পৰে মাটিত। নিশাৰ ভিতৰতে এনে লক্ষণে দেখা দিয়া ২৯০ জনক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ৪৬ গৰাকী শিশু-মহিলা। মৃত্যু হৈছে এগৰাকী মহিলা। চিকিত্‍সকে জনোৱা মতে, বৰ্তমানলৈকে ৭ জন ৰোগী কিছু সুস্থ হৈ উঠিছে। কিন্তু ৭জনক সংকটজনক অৱস্থাত অন্য এখন হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।




কিদৰে ঘটিল এই ঘটনা?

স্থানীয় স্বাস্থ্যকৰ্মীয়ে পানীৰ পৰাই এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। পানীত বিষক্ৰিয়া হোৱাৰ ফলত অসুস্থ হৈ পৰে লোকসকল। প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে নৰ্থ ষ্ট্ৰিট এলেকাৰ বিভিন্ন স্থানৰ পানীৰ নমুনা সংগ্ৰহ কৰা হৈছে। বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে অন্ধ্ৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী আল্লা কালীকৃষ্ণ শ্ৰীবাস।
Published by: Himangshu Bhuyan
First published: December 7, 2020, 8:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি