Assam Assembly Election 2021 Graphics

অসমৰ নিৰ্বাচনী মহাৰণঃ ২৭ মাৰ্চত অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত ভোটগ্ৰহণ। ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৩৯টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত। তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ২ মে’ত হ’ব ভোটগণনা।
আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, EVMত বন্দী হ'ব ২৬৪ জন প্ৰাৰ্থীৰ ভাগ্য
#1
আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, EVMত বন্দী হ'ব ২৬৪ জন প্ৰাৰ্থীৰ ভাগ্য
আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আজিৰ দিনটোতে EVMত বন্দী হ'ব বহু হাই প্ৰফাইল নেতাৰ ভাগ্য। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈলৈকে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈকে আজিৰ দিনটোতে বন্দী হ'ব ভাগ্য।
আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
#2
আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিত হ’ব নিৰ্বাচন।
কোটিপতি জনপ্ৰতিনিধি
#3
কোটিপতি জনপ্ৰতিনিধি
সম্পত্তিৰ গঢ়িছে পাহাৰ! ৫ বছৰত ৯৫ শতাংশ বাঢ়িল ৰাজ্যৰ ৩৭ বিধায়কৰ সম্পত্তি, জানি লওক তালিকাত কাৰ কাৰ নাম? নিৰ্বাচনৰ প্ৰাকক্ষণত এছচিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ চমুকৈ এ ডি আৰৰ শেহতীয়া প্ৰতিবেদনত স্পষ্ট হৈছে এই তথ্য। সংস্থাটোৱে ৰাজ্যৰ ৩৪ জন বিধায়কৰ সম্পত্তিৰ ওপৰত অধ্যয়ন কৰি এই প্ৰতিবেদন প্ৰকাশ কৰিছে। তথ্য অনুসৰি, মাত্ৰ ৫ বছৰৰ ব্যৱধানত এইসকল জনপ্ৰতিনিধিৰ সম্পত্তিৰ পৰিমাণ ৯৫ শতাংশ বৃদ্ধি পালে। ২০১১ৰ পিছত ২০১৬ৰ নিৰ্বাচনত জয়লাভ কৰিছিল ইয়াৰে অধিকাংশ বিধায়কে। মন্ত্ৰী চন্দন ব্ৰহ্মৰ ২০১১ চনত সম্পত্তিৰ পৰিমাণ আছিল ২.৬০ কোটি টকা। ২০১৬ চনত সম্পত্তিৰ পৰিমাণ হয়গৈ ৯.৫৮ কোটি টকা। চন্দন ব্ৰহ্মৰ পিছতে আছে AIUDFৰ যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহীম আজমল, কংগ্ৰেছৰ লাহৰিঘাটৰ বিধায়ক নজৰুল ইছলাম, বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ প্ৰফুল্ল কুমাৰ মহন্ত। আন বিধায়কসকল ক্ৰমে, শ্বেৰমান আলী আহমেদ), পদ্ম হাজৰিকা, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, ৰিহণ দৈমাৰী, নৱ কুমাৰ দলে, জামালউদ্দিন আহমেদ, বিনন্দ কুমাৰ শইকীয়া, পীয়ুষ হাজৰিকা, প্ৰমীলাৰাণী ব্ৰহ্ম, প্ৰশান্ত ফুকন, ইমানুৱেল মুছাহাৰী, মহেশ্বৰ ব্ৰহ্ম, উৎপল দত্ত, বলীন চেতীয়া, ৰণজিত কুমাৰ দাস, মাজেন্দ্ৰ নাৰ্জাৰী, কেশৱ মহন্ত, শুকুৰ আলী আহমেদ, কমলসিং নাৰ্জাৰী, ফণীভূষণ চৌধুৰী, ৰূপজ্যোতি কুৰ্মী, হাফিজ বছিৰ আহমেদ কাছিমী, আমিনুল ইছলাম, ইদ্ৰিছ আলী, কমলাক্ষ দে পুৰকায়স্থ আৰু কমলী বসুমতাৰী।
নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব কাৰাবন্দী অখিল গগৈৰ
#4
নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব কাৰাবন্দী অখিল গগৈৰ
জে'লৰ পৰাই প্ৰতিদ্বন্দিতা কৰি জয়ী হব পাৰিবনে অখিল গগৈ? দেশত আছেনে এনে উদাহৰণ? হয় আছে, দেশৰ ৰাজনীতিত জর্জ ফাৰ্নাণ্ডেজে এটা পৰিচিত নাম। মোৰাৰজী দেশাই আৰু বাজপায়ী মন্ত্ৰীসভাৰ বহুকেইটা বিভাগৰৰ দায়িত্বশীল মন্ত্ৰী আছিল তেওঁ । কৰ্ণাটকত জন্ম হৈ মুম্বাইৰ পৰা প্ৰথমটো লোকসভা নিৰ্বাচন জয়লাভ কৰি জৰুৰীকালীন অৱস্থাৰ পিছৰটো নিৰ্বাচন জে’লত থাকি বিহাৰৰ পৰা জয়লাভ কৰা নেতা ভাৰতীয় ৰাজনীতিৰ ইতিহাসত বিৰল।

শীৰ্ষ দল

বিধানসভা সমষ্টি ফলাফল

Assembly Seat 2016 2011
RatabariBJPINC
PatharkandiBJPINC
Karimganj NorthINCINC
Karimganj SouthAIUDFINC
BadarpurINCINC
HailakandiAIUDFINC
KatlicheraAIUDFINC
AlgapurAIUDFAGP
SilcharBJPINC
SonaiBJPINC
DholaiBJPINC
UdharbondBJPINC
LakhipurINCINC
BarkholaBJPINC
KatigorahBJPAIUDF
HaflongBJPINC
BokajanBJPINC
HowraghatBJPINC
DiphuBJPINC
BaithalangsoINCINC
MankacharINCIND
Salmara SouthINCAIUDF
DhubriAIUDFAIUDF
GauripurAIUDFBOPF
GolakganjBJPINC
Bilasipara WestAIUDFAIUDF
Bilasipara EastBJPAIUDF
GossaigaonBOPFBOPF
Kokrajhar WestBOPFBOPF
Kokrajhar EastBOPFBOPF
SidliBOPFBOPF
BongaigaonAGPAGP
BijniBOPFBOPF
Abhayapuri NorthINCAGP
Abhayapuri SouthAIUDFINC
DudhnaiBJPINC
Goalpara EastINCAIUDF
Goalpara WestINCAIUDF
JaleswarAIUDFAIUDF
SorbhogBJPBJP
BhabanipurAIUDFAIUDF
PatacharkuchiAGPBJP
BarpetaAGPAIUDF
JaniaINCAIUDF
BaghbarINCAIUDF
SarukhetriINCAIUDF
ChengaINCINC
Boko ScINCAIUDF
ChaygaonINCINC
PalasbariBJPIND
JalukbariBJPINC
DispurBJPINC
Gauhati EastBJPINC
Gauhati WestAGPINC
HajoBJPAITC
KamalpurAGPBJP
RangiaBJPINC
TamulpurBOPFBOPF
NalbariBJPINC
BarkhetryBJPINC
DharmapurBJPINC
BaramaBOPFBOPF
ChapaguriBOPFBOPF
PaneryBOPFBOPF
KalaigaonBOPFAGP
SipajharBJPINC
MangaldoiBJPINC
DalgaonINCINC
UdalguriBOPFBOPF
MajbatBOPFBOPF
DhekiajuliBJPINC
BarchallaBJPINC
TezpurAGPINC
RangaparaBJPINC
SooteaBJPAGP
BiswanathBJPAGP
BehaliBJPINC
GohpurBJPINC
JagiroadBJPINC
MarigaonBJPINC
LaharighatINCINC
RahaBJPINC
DhingAIUDFAIUDF
BatadrobaBJPINC
RupohihatINCAIUDF
NowgongBJPINC
BarhampurAGPAGP
SamaguriINCINC
KaliaborAGPAGP
JamunamukhAIUDFAIUDF
HojaiBJPINC
LumdingBJPAIUDF
BokakhatAGPINC
SarupatharINCINC
GolaghatINCINC
KhumtaiBJPINC
DergaonAGPINC
JorhatBJPINC
MajuliBJPINC
TitabarINCINC
MarianiINCINC
TeokAGPINC
AmguriAGPINC
NaziraINCINC
MahmaraBJPINC
SonariBJPINC
ThowraBJPINC
SibsagarINCINC
BihpuriaBJPINC
NaoboichaAIUDFINC
LakhimpurAGPAGP
DhakuakhanaBJPAGP
DhemajiBJPINC
JonaiINDINC
MoranBJPINC
DibrugarhBJPBJP
LahowalBJPINC
DuliajanBJPINC
TingkhongBJPINC
NaharkatiaAGPINC
ChabuaBJPINC
TinsukiaBJPINC
DigboiBJPINC
MargheritaBJPINC
Doom DoomaINCBJP
SadiyaBJPINC