ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

অফিচৰ পৰা ছুটি ল’বৰ বাবে এগৰাকী পত্নীকে চাৰিবাৰ বিয়া আৰু ডিভোৰ্চ দিলে স্বামীয়ে!

ছুটি শেষ হোৱাৰ কিছুদিনৰ পিছত পত্নীক ডিভোৰ্চ দিয়ে লোকজনে। তাৰ পিছত বিয়াৰ বাবে ছুটি আবেদন কৰে লোকজনে আৰু একেগৰাকী মহিলাকে বিয়া কৰায়।

এই পৃথিৱীত কিমান যে অদ্ভুত, আজৱ ঘটনা ঘটে প্ৰতিদিনে। নিজৰ কাৰ্য সিদ্ধি কৰিবলৈ কিমান যে কথা ভাৱি উলিয়ায় মানুহে। তেনে এক আজৱ ঘটনাই ঘটিল টাইপেত।

কাৰ্যালয়ৰ পৰা পেইড লিভ আদায় কৰাৰ বাবে একেগৰাকী পত্নীক তিনিবাৰ ডিভোৰ্চ দি চতুৰ্থবাৰ বিয়া কৰালে এজন লোকে। শেষবাৰ বিয়াৰ ৩৭ দিন পিছত পত্নীক ডিভোৰ্চ দিয়ে লোকজনে। লোকজনৰ উদ্দেশ্য এটাই, ছুটিৰ দিন দীঘলীয়া কৰা। পেছাত বেংক কৰ্মচাৰী লোকজনে প্ৰথমবাৰ বিয়াৰ বাবে যেতিয়া আবেদন কৰিছিল, তেতিয়া তেওঁ ৮ দিনৰ পেইড লিভ পাইছিল। বিগত বৰ্ষৰ ৬ এপ্ৰিলত বিয়া কৰাইছিল লোকজনে।

ছুটি শেষ হোৱাৰ কিছুদিনৰ পিছত পত্নীক ডিভোৰ্চ দিয়ে লোকজনে। তাৰ পিছত বিয়াৰ বাবে ছুটি আবেদন কৰে লোকজনে আৰু একেগৰাকী মহিলাকে বিয়া কৰায়। এইদৰে মুঠ তিনিবাৰ পত্নীক ডিভোৰ্চ দিয়ে লোকজনে। আৰু মুঠ বিয়া কৰায় চাৰিবাৰ। আচলতে বেংকৰ ওচৰত আবেদন কৰিও অতিৰিক্ত ছুটি পোৱা নাছিল লোকজনে। বাৰে বাৰে আবেদন কৰিও পোৱা নাছিল ছুটি। তাৰ পিছতে লোকজনে পাঙিলে এই বুদ্ধি। চাৰিবাৰ বিয়া কৰোৱাৰ বাবে ৩২ দিনৰ ছুটি আবেদন কৰে তেওঁ।

ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষৰ কথাটো চকুত পৰিল বেংক কৰ্তৃপক্ষৰ। দেখা গ’ল ছুটি পোৱাৰ বাবে লোকজনে এগৰাকী মহিলাকে বাৰম্বাৰ বিয়া কৰাই ডিভোৰ্চ দিছে। ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষই লোকজনক অতিৰিক্ত ছুটি দিবলৈ অস্বীকাৰ কৰে। কিন্তু লোকজনে জনায়, তেওঁ আইন অমান্য কৰি একো কাম কৰা নাই। বেংকৰ বিৰুদ্ধে টাইপেই চিটী লেবাৰ ব্যূৰ’ৰ ওচৰত অভিযোগ দাখিল কৰে লোকজনে। তদন্তত ওলাল যে লোকজনৰ উদ্দেশ্য অসৎ হ’লেও তেওঁ আইন ভংগ কৰা নাই। কোনো কৰ্মচাৰীয়ে বিয়া পাতিলে ৮ দিনৰ বেতনসহ ছুটি দিবলৈ বাধ্য বেংক। বেংকে সেই কাম নকৰি আইন অমান্য কৰিছে। ফলত NT$20,000 অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৩ হাজাৰ টকাৰ জৰিমনা হৈছে বেংকৰ।

Published by: Sanjay Kumar Das
First published: April 15, 2021, 1:24 PM IST