ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

“পত্নীয়েহে মোক উচতাই খং তুলিছিল, সকলো দোষ তেওঁৰ"... মাস্ক নিপিন্ধি আৰক্ষীৰে কাজিয়া কৰি গোচৰ ৰুজু হোৱাৰ পিছতে পাভলুটি স্বামীৰ

দিল্লীৰ ৰাজপথত মাস্কবিহীনভাৱে পত্নীৰ সৈতে ঘূৰি ফুৰি আৰক্ষীৰ সৈতে তৰ্ক-যুদ্ধ কৰাৰ পিছৰ পৰ্যায়ত সলনি হ’ল পংকজ দত্তৰ ভাষ্য ৷ সমস্ত দোষ জাপিলে পত্নীৰ ওপৰত ৷

সপ্তাহজোৰা সান্ধ্য আইনৰ মাজতে আইন অমান্য কৰি মাস্কবিহীনভাৱে দিল্লীৰ ৰাজপথত গাড়ীৰে ঘূৰি ফুৰা এক দম্পতীয়ে দেওবাৰে সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ কোৰোণাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে মাস্ক পিন্ধিবলৈ কোৱাৰ পিছতেই এজন আৰক্ষী বিষয়াৰ সৈতে তৰ্ক-যুদ্ধত লিপ্ত হয় দম্পতীহাল ৷ দিল্লীৰ দৰিয়াগঞ্জ অঞ্চলত সংঘটিত এই ঘটনাৰ ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ য’ত দম্পতীহালক অভব্য আচৰণ প্ৰকাশেৰে আৰক্ষীৰ সৈতে তৰ্ক কৰি থকা দেখিবলৈ পোৱা গৈছিল ।

এই ঘটনাৰ পাচতেই অভিযুক্ত দম্পতী পংকজ দত্ত আৰু আভা গুপ্তাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । পংকজক আজি আদালতত হাজিৰ কৰোৱাৰ কথাও আছে । কিন্তু এইবাৰ তেওঁলোক চৰ্চালৈ অহাৰ আন এক কাৰণ হৈছে গ্ৰেপ্তাৰ হৈয়ে সুৰ সলনি কৰিলে মহিলাগৰাকীৰ স্বামী পংকজ দত্তই ৷ এক সাক্ষাৎকাৰত পংকজে এই সমগ্ৰ ঘটনাৰ বাবে পত্নী জগৰীয়া কৰি যে তেওঁৰ পত্নীয়ে তেওঁক ইয়াৰ বাবে প্ৰৰোচিত কৰিছিল ৷ লগতে তেওঁ কৈছিল যে তেওঁ মাস্ক পিন্ধিব বিচাৰিছিল, কিন্তু তেওঁৰ পত্নীয়ে অনুমতি দিয়া নাছিল ।



পংকজে কয়, “ঘটনাটোৰ পূৰ্বেই আমি মাস্কক লৈ কাজিয়া কৰি আছিলো। কিন্তু ঘটনাৰ সময়ত মোৰ পত্নী আৰক্ষীসকলক মৌখিকভাৱে নিৰ্যাতন চলাইছিল।”


উল্লেখ্যে যে, ইয়াৰ পূৰ্বেই এপ্ৰিলত দিল্লী উচ্চ ন্যায়ালয়ে গাড়ীৰ ভিতৰত অকলে থাকিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছিল । কিন্তু এই ৰায়দানৰ পিছতো উচ্ছৃংখল দম্পতীহালে আৰক্ষীৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হোৱাৰ লগতে মাস্ক পিন্ধিবলৈ অস্বীকাৰ কৰিছিল ।

ইফালে, ৰাজ্যখনত বৰ্ধিত কোভিদ-১৯ ঘটনাৰ মাজতে শুকুৰবাৰে নিশা ১০ বজাৰ পৰা অহা সোমবাৰে পুৱা ৫ বজালৈ দিল্লী চৰকাৰে এক সপ্তাহৰ দীঘলীয়া কাৰফিউ ঘোষণা কৰা হৈছিল । শেহতীয়াকৈ দিল্লীত সোমবাৰৰ পৰা সপ্তাহজোৰা লকডাউনৰ ঘোষণা কৰা হৈছে ৷

First published: April 20, 2021, 5:24 PM IST