- News18 Assam
- Last Updated: April 20, 2021, 4:51 PM IST
Covid-19ৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে প্ৰকাশ কৰা হয় নতুন SOP। নতুন SOPত শিক্ষাখণ্ডক লৈও দিয়া হৈছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা।
সকলো শিক্ষানুষ্ঠানকে Virtual Option ৰখাৰ আহ্বান। এদিনত সৰ্বাধিক ৫০ শতাংশ শিক্ষাৰ্থীহে শিক্ষানুষ্ঠানত উপস্থিত থাকিব পাৰিব।
স্কুল কৰ্তৃপক্ষই শ্ৰেণীৰ সময়সূচী মিলাই ল'ব পাৰিব যাতে শিক্ষাৰ্থী একে সময়তে অধিক নহয়। যদি শ্ৰেণীত ৫০জন শিক্ষাৰ্থী থাকে তেনে স্থলত ৰোল নং ১ ৰ পৰা ২৫লৈ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ। ৰোল নং ২৬ ৰ পৰা ৫০ লৈ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে বিদ্যালয়ত আহিব পাৰিব।
বিদ্যালয়ত কোনেও প্ৰাতঃসভা অনুষ্ঠিত কৰিব নোৱাৰিব। ইয়াৰোপৰি বিদ্যালয়ত কোনোধৰণৰ সভা অনুষ্ঠিত কৰিব নোৱাৰিব। প্ৰাথমিক বিদ্যালয়ত অনলাইন ক্লাছৰ পৰামৰ্শ।
শিক্ষা বিভাগে ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনাৰ তালিকা প্ৰস্তুত কৰিব। সকলো বিদ্যালয়ে ক'ভিড প্ৰট'কল মানি চালিব লাগিব।কাঁহ, জ্বৰ বা পানী লগা বেমাৰ হ'লে বিদ্যালয়ত আহিব নোৱাৰিব। সময় অনুযায়ী বিদ্যালয়ত ছেনিটাইজ কৰিব লাগিব। বিদ্যালয়ত হাত ধোৱা, ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব।