- News18 Assam
- Last Updated: April 20, 2021, 5:32 PM IST
মঙলদৈত ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিলৰ দাবীত ওলাই আহিল ছাত্ৰ–ছাত্ৰীসকল। কেইবাগৰাকীও ছাত্ৰ–ছাত্ৰীক আটক কৰিলে মঙলদৈ আৰক্ষীয়ে।
দেশত প্ৰতিদিনাই বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। কোৰোণাৰ দ্বিতীয় ঢৌত এতিয়া আতংকিত দেশবাসী। একেই পৰিৱেশ অসমতো। দৰং জিলাটো বৃদ্ধি পাইছে কাৰোণাত আক্ৰান্তৰ সংখ্যা। জিলাখনত শেহতীয়াভাৱে শতকৰ ঘৰ পাৰ কৰিছে কোভিড–১৯ ত আক্ৰান্তৰ সংখ্যাই। এনে সময়তে মঙলবাৰে দুপৰীয়া প্ৰায় ১২ মান বজাত মঙলদৈত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিলৰ দাবীত শ শ ছাত্ৰ–ছাত্ৰী ওলাই আহিল প্ৰতিবাদ কৰিবলৈ।
মঙলদৈৰ বিভিন্ন বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হ’বলগা ছাত্ৰ–ছাত্ৰীসকলে হাতে হাতে ‘We Want Justice’, ‘কোভিড মহামাৰীক লৈ আমিও চিন্তিত’, ‘আমাৰো জীৱনৰ মূল্য আছে’ আদি প্লেকাৰ্ড লৈ সমদল কৰিলে ছাত্ৰ–ছাত্ৰীসকলে। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দীঘলীয়া সমদল কৰি দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ–ছাত্ৰীসকলে।
ছাত্ৰ–ছাত্ৰীসকলে মুখত মাস্ক পৰিধান কৰি দীঘলীয়া শাৰীৰে উত্তাল কৰি তোলে মঙলদৈ চহৰ। মঙলদৈ আৰক্ষী–প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ পৰীক্ষাৰ্থীসকলে প্ৰতিবাদ কৰাৰ বাবে মঙলদৈ আৰক্ষীয়ে প্ৰতিবাদ বন্ধ কৰি দিয়াৰ লগতে ছাত্ৰ–ছাত্ৰীসকলৰ মাজৰ পৰা একাংশ ছাত্ৰ–ছাত্ৰীক আটক কৰে।